• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘NRC ওলাই গ’ল কিনো হ’ল’–NRC প্ৰকাশৰ পিছত আকৌ চৰ্চালৈ আহিছে এটা বিশেষ গীত!

‘NRC ওলাই গ’ল কিনো হ’ল’–NRC প্ৰকাশৰ পিছত আকৌ চৰ্চালৈ আহিছে এটা বিশেষ গীত!

Source-Youtube

Source-Youtube

শনিবাৰে ৰাজ্যত প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। একাংই প্ৰকাশ পোৱা চূড়ান্ত নাগৰিক পঞ্জী খনক বিদেশীক স্বদেশী কৰাৰ এক আইনীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে।

  • Share this:
    শনিবাৰে ৰাজ্যত প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। ১০ বজাত NRC কৰ্তৃপক্ষই প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১ জন।

    নাগৰিক পঞ্জী প্ৰকাশৰ পিছতে এতিয়া ছচিয়েল মিডিয়াত চৰ্চালৈ আহিছে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ এটা বিশেষ গীত। NRCক কেন্দ্ৰ কৰি ৰচনা কৰা গীতটোৰ কথা খিনিয়েই এতিয়া সঁচা হ’ল বুলি দাবী কৰিছে একাংশই। NRC ৰ কাম কাজ চলি থকাৰ সময়ত গীতটোকলৈ সেই সময়ত যথেষ্ট বিতৰ্কও সূচনা হৈছিল। NRC কলৈ লিখা গীতটোত কণ্ঠদান কৰিছে বিপিন চাউদাঙে।

    NRC খনক লৈ এতিয়া বিতৰ্ক তুংগত উঠিছে। একাংশই NRC খনক আদৰি লৈছে যদিও, আন একাংই প্ৰকাশ পোৱা চূড়ান্ত নাগৰিক পঞ্জী খনক বিদেশীক স্বদেশী কৰাৰ এক আইনীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে।

    উপভোগ কৰক গীতটো

    First published: