জুবিন গাৰ্গে লিখিছে – ‘আমাৰ কথা কোৱাৰ অধিকাৰ আছে, সেয়া কৰিবলৈ নিদিয়াৰ অধিকাৰ তোমালোকৰ নাই।’
জুবিন গাৰ্গে লিখিছে – ‘আমাৰ কথা কোৱাৰ অধিকাৰ আছে, সেয়া কৰিবলৈ নিদিয়াৰ অধিকাৰ তোমালোকৰ নাই।’
ৰাজ্যৰ চৌদিশে এতিয়া প্ৰতিবাদৰ জোৱাৰ। উজনি–নামনি সকলোতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে আন্দোলন। দল–সংগঠনকে ধৰি সৰ্বসাধাৰণ ৰাইজো ওলাই আহিছে ৰাজপথলৈ। সকলোৱে বিৰোধিতা কৰিছে বিতৰ্কিত বিধেয়কখনৰ।
ইয়াৰ মাজতে জুবিন গাৰ্গে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে এটা গীত। CABৰ বিৰুদ্ধে নিৰ্মাণ কৰা এই গীতটোত কণ্ঠদান কৰিছে অম্বৰ দাস, অৰূপজ্যোতি বৰুৱা, নীলোৎপল বৰা, শংকুৰাজ কোঁৱৰ, সম্প্ৰীতি গোস্বামী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। গীতটো ৰচনা কৰিছে মানস মহন্তই।
নিজৰ ফেচবুক পেজত গানটোৰ লিংক শ্বেয়াৰ কৰি জুবিন গাৰ্গে লিখিছে – ‘আমাৰ কথা কোৱাৰ অধিকাৰ আছে, সেয়া কৰিবলৈ নিদিয়াৰ অধিকাৰ তোমালোকৰ নাই।’
শুনক গীতটো :
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|