যান–বাহন আইনঃ Pollution Centre ত বাতৰি সংগ্ৰহৰ বাবে যোৱা মহিলা সাংবাদিকক দুৰ্ব্যৱহাৰ উদণ্ড ব্যক্তিৰ

গুৱাহাটী মহানগৰৰ এটা Pollution Centre ত এইবাৰ এজন উদণ্ড ব্যক্তিৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’ল অসমৰ এগৰাকী মহিলা সাংবাদিক

News18-Assam
Updated:September 28, 2019, 1:43 PM IST
যান–বাহন আইনঃ Pollution Centre ত বাতৰি সংগ্ৰহৰ বাবে যোৱা মহিলা সাংবাদিকক দুৰ্ব্যৱহাৰ উদণ্ড ব্যক্তিৰ
গুৱাহাটী মহানগৰৰ এটা Pollution Centre ত এইবাৰ এজন উদণ্ড ব্যক্তিৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’ল অসমৰ এগৰাকী মহিলা সাংবাদিক
News18-Assam
Updated: September 28, 2019, 1:43 PM IST
পুৱা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ‘প্ৰতিদিন টাইম’ চেনেলৰ সাংবাদিক মিতালী কোঁৱৰক শাৰীৰিক ভাবে অপদস্থ কৰাৰো চেষ্টা কৰে এগৰকী ব্যক্তিয়ে। ৰাজ্যত নতুন যান বাহন আইন বলবৎ হোৱাৰ পিছৰে পৰা এতিয়া বিভিন্ন Pollution Centre, Insurance প্ৰতিষ্ঠানত ভিৰ বাঢ়িছে সাধাৰণ লোকৰ। সেইদৰে নতুন যান বাহন আইনৰ দোহাই দি একাংশই সৃষ্টি কৰিব বিচাৰিছে বজাৰ। সাংবাদিকগৰাকীয়ে তেনে এক বাতৰিৰ সংক্ৰান্তত মহানগৰৰ এটা Pollution Centre লৈ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল।



Pollution Centre টোৰ স্বত্বাধিকাৰীৰ পৰা বাতৰিটোৰ সংক্ৰান্তত কিছু তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে এগৰাকী উদণ্ড ব্যক্তিয়ে মিতালী কোঁৱৰক বিভিন্ন ধৰণৰ অভব্য বাক্যবানেৰে অনাহক আক্ৰমণ কৰে। আনকি মহিলা সাংবাদিকগৰাকীয়ে তেওঁৰ কি কথাত সমস্যা হৈছে সেই প্ৰশ্ন কৰোতে ব্যক্তিজন উত্তেজিত হৈ সাংবাদিকগৰাকীক শাৰীৰিক ভাবে অপদস্থ কৰাৰ চেষ্টা কৰি কেমেৰা আৰু বুম দলিয়াই দিয়ে।



মহিলা সাংবাদিকগৰাকীয়ে জনোৱা মতে, নতুন যান–বাহন আইন বলবৎ হোৱাৰ পিছত একাংশ কেন্দ্ৰত নথি পত্ৰ দিয়াৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ বাতৰি পৰিবেশন কৰি আছিল আৰু নিৰ্দিষ্ট প্ৰদূষণ কেন্দ্ৰটোত বিষয়ববীয়াৰ পৰা ভাষ্য সংগ্ৰহ কৰাৰ সময়তে আক্ৰমণ কৰা ব্যক্তিজনে নিজক অতি প্ৰভাৱশালী বুলি পৰিচয় দি দাদাগিৰি কৰে। তেওঁ আনকি প্ৰদূষণ কেন্দ্ৰৰ ব্যক্তিজনে সংবাদমাধ্যমৰ আগত কি কাৰণে ভাষ্য দিব তাকলৈও ক্ষুব্ধ হৈ পৰে।

এগৰাকী সাংবাদিকক ৰাজহুৱা স্থানত অপদস্থ কৰা ঘটনাই এতিয়া সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতে প্ৰশ্ন কৰিছে, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাতোৱেই অপৰাধ হ’ল নেকি মহিলা সাংবাদিকগৰাকীৰ?’
আৰু চাওক পৰৱৰ্তী বাতৰি