মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসম আৰক্ষীৰ এগৰাকী স্মাৰ্ট যুৱ বিষয়াই সফল অভিযানেৰে চমক সৃষ্টি কৰিছে গোৱালপাৰাত

অসম আৰক্ষীৰ এগৰাকী স্মাৰ্ট যুৱ বিষয়াই সফল অভিযানেৰে চমক সৃষ্টি কৰিছে গোৱালপাৰাত

News18 Assam | News18-Assam
Updated:September 17, 2021, 11:00 AM IST
অসম আৰক্ষীৰ এগৰাকী স্মাৰ্ট যুৱ বিষয়াই সফল অভিযানেৰে চমক সৃষ্টি কৰিছে গোৱালপাৰাত
সুদক্ষ তথা স্মাৰ্ট আৰক্ষী বিষয়াজনৰ কৰ্মস্পৃহাৰ লগতে সফল অভিযানক ইতিমধ্যে শীৰ্ষ আৰক্ষীয়েও বাঃ বাঃ দিছে৷

সুদক্ষ তথা স্মাৰ্ট আৰক্ষী বিষয়াজনৰ কৰ্মস্পৃহাৰ লগতে সফল অভিযানক ইতিমধ্যে শীৰ্ষ আৰক্ষীয়েও বাঃ বাঃ দিছে৷

  • News18 Assam
  • Last Updated: September 17, 2021, 11:00 AM IST
  • Share this:
এগৰাকী যুৱ আৰক্ষী বিষয়া৷ বৰ্তমান তেওঁ গোৱালপাৰা জিলাৰ ৰংচাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া৷ এইগৰাকী স্মাৰ্ট যুৱ আৰক্ষী বিষয়াই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ শীৰ্ষ মহলৰ৷ বিগত মাত্ৰ চাৰিটা মাহত গোৱালপাৰা আৰক্ষীয়ে চলোৱা সফল অভিযানসমূহৰ অধিকাংশ অভিযানৰে মূল ব্যক্তিজনে হৈছে সুমিত তালুকদাৰ৷ সুদক্ষ তথা স্মাৰ্ট আৰক্ষী বিষয়াজনৰ কৰ্মস্পৃহাৰ লগতে সফল অভিযানক ইতিমধ্যে শীৰ্ষ আৰক্ষীয়েও বাঃ বাঃ দিছে৷ যোৱা জুন মাহত দুধনৈ আৰক্ষীয়ে অভিযান চলাই ১২০খনৰো অধিক চুৰি বাইক জব্দ কৰাৰ উপৰিও ১০টাতকৈও অধিক দুৰ্ধৰ্ষ চোৰ কৰায়ত্ত কৰি নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখিত অভিযানটোৰ Investigation Officer আছিল এইজন আৰক্ষী বিষয়া৷

তাৰ কিছুদিন পূৰ্বে কাজুভৰ্তি বাহন এখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই হাইজেক কৰিছিল ডকাইতৰ এটা দলে। সেই অভিযানটোৰ নেতৃত্ব লৈ অতি কম সময়ৰ ভিতৰতে কাজুসহ কেইবাটাও ডকাইত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল সুমিত তালুকদাৰে৷ অকল এয়াই নহয়, যোৱা কেইদিনমান পূৰ্বে গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল দুটা দুৰ্ধৰ্ষ ডকাইত আৰু আৰক্ষীৰ জালত পৰিছিল আন এটা ডকাইত৷ যিটো ডকাইতৰ দলে কেইবাটাও ডকাইতি কাণ্ড সংঘটিত কৰি ইতিমধ্যে আৰক্ষীৰ ম’ষ্ট ৱাণ্টেডৰ লিষ্টত নাম অন্তৰ্ভুক্ত হৈছিল৷ এই দলটো গোৱালপাৰাত প্ৰৱেশ কৰাৰ তথ্য আছিল সুমিত তালুকদাৰৰ হাততে৷ সম্পূৰ্ণ চিনেমা কায়দাৰে খেদি খেদি এনকাউণ্টাৰ কৰিবলৈ সক্ষম হৈছিল ডকাইতৰ দলটোক৷ যিটো ডকাইতৰ দলে আৰক্ষীলৈ চলাইছিল গুলী৷

শেহতীয়াকৈ সোমবাৰে নিশা আৰক্ষীৰ জালত পৰিল ডিমাপুৰৰ পৰা বাংলাদেশলৈ ৰপ্তানিৰ চেষ্টা কৰা তিনিটা ড্ৰাগছ সৰবৰাহকাৰী আৰু প্ৰায় আঢ়ৈ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট আৰু নিষিদ্ধ হেৰ’ইন৷ এই ড্ৰাগছখিনি আৰক্ষীৰ জালত পৰাৰ আঁৰতে আছে এইজন SI সুমিত তালুকদাৰ৷ প্ৰথম অৱস্থাত নাগালেণ্ডৰ পঞ্জীয়নকৃত উইংগাৰ বাহনখন গোৱালপাৰা অভিমুখে আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰি সন্দেহ ওপজে আৰক্ষী বিষয়াজনৰ৷ তাৰ পিছতে অকলে বহু কিলোমিটাৰ উক্ত বাহনখনৰ পিছ লয় আৰক্ষী বিষয়াজনে৷ ঠিক দুধনৈ পোৱাৰ আগমুহূৰ্তত দুধনৈ আৰক্ষীক এই অৱগত কৰে আৰু অতৰ্কিতে চলোৱা হয় এক অভিযান।

এই অভিযানতে সন্দেহে সঁচা হ’ল আৰু আৰক্ষীয়ে জব্দ কৰিলে ৪০ হাজাৰ নিচাজাতীয় টেবলেট, ২৫৬ গ্ৰাম হেৰ’ইন৷ এই ড্ৰাগছখিনিৰ বজাৰ মূল্য হৈছে প্ৰায় আঢ়ৈ কোটি টকা৷ অতি মেধাসম্পন্ন আৰু চতুৰ এই আৰক্ষী বিষয়াজন এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে অপৰাধীৰ বাবে৷ সুমিত তালুকদাৰৰ কৰ্মৰাজীক ইতিমধ্যে প্ৰশংসা কৰিছে জিলাখনৰ লগতে আৰক্ষীৰ শীৰ্ষ মহলেও৷
Published by: Sanjay Kumar Das
First published: September 17, 2021, 11:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি