• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটৰ নাওবৈচা গাঁৱৰ এগৰাকী কিশোৰী পুখুৰীত পৰি সলিল সমাধি

যোৰহাটৰ নাওবৈচা গাঁৱৰ এগৰাকী কিশোৰী পুখুৰীত পৰি সলিল সমাধি

কণমানিজনিৰ পিতৃয়ে ভোগদৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ঘৰলৈ ঘুৰি অহা অৱস্থাতে লাভ কৰে এই অপ্ৰত্যাশিত খবৰটো।

  • Share this:
বুধবাৰে যোৰহাটৰ নাওবৈচা গাঁৱত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। বুধবাৰৰ বিয়লিৰ পৰা গাওঁখনৰ এগৰাকী ৯ বছৰীয়া কণমানি কিশোৰী নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কণমানিজনীৰ সন্ধানত অঞ্চলটোৰ লোকসকল ব্যস্ত থকাৰ সময়তে হঠাৎ আহে সেই হৃদয়বিদাৰক খবৰটো। গাঁৱৰ একোণত উদ্ধাৰ হৈছে কণমানিজনিৰ মৃতদেহ।

কণমানিজনিৰ পিতৃয়ে ভোগদৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ঘৰলৈ ঘুৰি অহা অৱস্থাতে লাভ কৰে এই অপ্ৰত্যাশিত খবৰটো। নাওবৈচা গাঁৱৰ ৰাজহুৱা বৰপুখুৰীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে কণমানিজনীৰ মৃতদেহ।

জানিব পৰা মতে, দুপৰীয়া ঘৰৰ পৰা গাঁৱলৈ ফুৰিবলৈ বুলি অকলে ওলাই গৈছিল কণমানিজনী। গাঁৱৰ কেইবাগৰাকী লোকে প্ৰত্যক্ষ কৰিছিল কিশোৰী গৰাকীক। পিতৃ- মাতৃয়ে বিচাৰি আছিল যদিও পোৱা নাছিল আৰু অৱশেষত বুধবাৰে সন্ধিয়া আহিল এই অপ্ৰত্যাশিত খবৰটো। গাঁৱৰ ৰাজহুৱা বৰপুখুৰীত উদ্ধাৰ হয় কণমানিজনীৰ মৃতদেহ।
Published by:Subham Goswami
First published: