জোনাইত আজি পুৱাই অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিলে কেবাটাও অঞ্চলত। এই বিধ্বংসী ধুমুহাত জোনাইৰ ৰতকেস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা প্ৰকাণ্ড গছৰ লগতে বিদুৎ পৰিবাহী খুটা এটাও বাগৰি পৰিল। ইয়াৰ ফলত কেইবা ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথত শ শ যান বাহন আৱদ্ধ হৈ পৰিছে আৰু লগতে বিদ্যুত ব্যাহত হৈছে।
ইয়াৰোপৰিও এই ধুমুহাত কেইবাটাও পৰিয়ালৰ ঘৰ–দুৱাৰ ভাঙি যোৱাৰ লগতে ঘৰৰ টিনপাত উৰুৱাই নিয়ে।
Published by: Sehnaz Begum
FIRST PUBLISHED : April 02, 2023, 09:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।