চৰাইদেউ জিলাৰ লগতে উজনি অসমত ৰবৰৰ খেতিৰ বিশেষ উদাহৰণ নাই যদিও ৰবৰ খেতি কৰি প্ৰথম বছৰতে ৩ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ সোণাৰিৰ কেইজনমান উদ্যমী কৃষকে ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ বেঙেনাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কানুবাৰী বালিজান গ্ৰান্টত সেউজ কৃষক সংগঠন নামেৰে এটা আত্মসহায়ক গোট গঠন কৰি প্ৰথমে কৃষিকাৰ্যত মনোনিবেশ কৰে অঞ্চলটোৰ কেইজনমান কৃষকে ।
সেই উদ্দেশ্যে প্ৰথমে ২৫ বিঘা পলসুৱা মাটিত কলৰ পুলি ৰোপণ কৰি কৃষিকাৰ্য আৰম্ভ কৰে গোটটোৰ সদস্যসকলে। এনেদৰে কেইবাবছৰ ধৰি বিভিন্ন খেতি কৰি পৰৱৰ্তী সময়ত কৃষককেইজনে ৰবৰ খেতিত (rubber cultivation) লাভৱান হোৱাৰ আশাৰে ৰবৰৰ খেতি কৰিবলৈ মন মেলে। ২০১২ চনত তেওঁলোকে ৰবৰৰ পুলি সংগ্ৰহ কৰি প্ৰায় ২৫ বিঘা মাটিত ১৮০০ জোপা ৰবৰ পুলি ৰোপণ কৰে।
ৰবৰ খেতিৰ সমান্তৰালভাৱে ৰবৰ গছৰ তলত থকা খালী মাটিত মাটিকঁঠাল আৰু নানা তৰহৰ শাক-পাচলিৰ খেতি কৰিও লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। ৰবৰ খেতিক মুখ্য হিচাপে লৈ ৰবৰ গছৰ প্ৰতিপালনত হাতে-কামে লাগি গৈছে কৃষককেইজন । ইতিমধ্যে লহপহকৈ ডাঙৰ হোৱা ৰবৰ গছৰ পৰা এইবছৰ প্ৰথম ৰবৰ উৎপাদন কৰি তিনি লাখতকৈ অধিক টকা উপাৰ্জন কৰিছে বুলি জানিবলৈ দিয়ে।
ৰবৰ বাগিচাখন নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে চৰকাৰেও সহায়ৰ হাত আগবঢ়াইছে আত্মসহায়ক গোটটোৰ সদস্যসকলক৷ অসম চৰকাৰৰ কৃষি বিভাগে গোটৰ সদস্যসকলক বিনামূলীয়াকৈ ৰবৰ খেতিৰ উন্নত প্ৰশিক্ষণো প্ৰদান কৰিছে৷ Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|