মঙলদৈত শক্তি বিভাগৰ আজৱ কাণ্ড। মঙলদৈ চহৰৰ ৮নং ৱাৰ্ডৰ জ্ঞান গুৰুকুল জাতীয় বিদ্যালয়ৰ এমাহৰ বিদ্যুতৰ বিল আহিল ৭৭ লাখ ৭০ হাজাৰ ৪৯৬ টকা। লকডাউন চলি থকা বাবে বন্ধ হৈ আছে বিদ্যালয়খন। ম’বাইলত অহা মেছেজত বৃহৎ পৰিমাণৰ বিদ্যুৎ বিল দেখি চকু কপালত উঠিল বিদ্যালয় কমিটীৰ সভাপতি কুশল কলিতাৰ।
প্ৰতিমাহে তিনিশৰ পৰা চাৰিশ টকা বিল পৰিশোধ কৰি অহা বিদ্যালয়খনৰ কোৰোণাৰ বাবে প্ৰায় দুমাহ বন্ধ থকা অৱস্থাত বিল আহিল এই বৃহৎ পৰিমাণৰ। বিদ্যালয়খনৰ সভাপতি কুশল ডেকাই উল্লেখ কৰে যে এনে আজব কাৰ্য পূৰ্বেও সংঘটিত হৈছে মঙলদৈ শক্তি বিভাগত। কাৰিকৰী দিশত অত্যাধুনিক হ’ল যদিও সলনি নহ’ল বিভাগটোৰ খেলিমেলিৰ ঘটনা।
মঙলদৈ বিদ্যুৎ সংমণ্ডলত দায়িত্বত থকা একাংশ বিষয়াই গ্ৰাহকসকলক বেয়া ব্যৱহাৰ কৰাৰো অভিযোগ কৰে কুশল কলিতাই। ইয়াৰ পূৰ্বেও এখন ডেৰ লাখ টকাৰ বিল শুধৰণি কৰিবলৈ চাৰি মাহ তাতবাতি কাৰিব লগা হৈছিল মঙলদৈ শক্তি বিভাগৰ কাৰ্যালয়ত। অবশেষত সংবাদ মাধ্যমৰ লোকে খবৰ পোৱাত মঙলদৈ শক্তি বিভাগৰ উচ্চপদস্থ বিষয়াক অৱগত কৰাত বিল শুদ্ধ কৰি দিবলৈ বাধ্য হয় বুলি জনায় বিদ্যালয় সভাপতি কুশল কলিতাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|