শনিবাৰে নিশা যোৰহাটত সংঘটিত এটা পথ দুৰ্ঘটনাই পুনৰ কেইবাটাও প্ৰশ্নৰ সৃষ্টি কৰিছে। এজন লোকে প্ৰাণ হেৰুওৱা এই পথ দুৰ্ঘটনাটোৱে আৰক্ষী আৰু এম্বুলেন্স সেৱাৰ এক পুতৌজনক ছবি পোহৰলৈ আনিছে।
যোৰহাটৰ বাহনা তিনিআলিত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱায়। সামগ্ৰী কঢ়িওৱা এখন টাটা এচি গাড়ীয়ে ইলেকট্ৰিক স্কুটী চলাই যোৱা এজন যুৱকক মহতিয়াই নিয়ে। দুৰ্ঘটনাত নিহত স্কুটী চালকজন ৰংদৈ দ গাঁৱৰ দেৱজিৎ শইকীয়া বুলি জানিব পৰা গৈছে।
স্থানীয় লোকে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। গাড়ীৰ অভাৱৰ বাবে আৰক্ষী অহাত পলম হয় বুলি জানিবলৈ দিছে স্থানীয় লোকে। আনহাতে খবৰ দিয়াৰ পিছতো বহু পলমকৈ উপস্থিত হয় এম্বুলেন্স।
কেৱল এয়াই নহয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী উপস্থিত নোহোৱালৈকে যুৱকজনক স্থানীয় লোকসকলে চুবলৈয়ো শংকাবোধ কৰে বুলি জানিব পৰা গৈছে। ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তাৎক্ষণিকভাৱে আহত লোকজনক কিবা প্ৰকাৰে চিকিৎসালয়লৈ লৈ যোৱাৰ পৰিৱৰ্তে সকলোৱে অপেক্ষা কৰি ৰ'ল আৰক্ষী উপস্থিত হোৱালৈ।
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এই যুৱকজনৰ ঘটনাই কেইবাটাও দিশ পোহৰলৈ আনিছে। বিশেষকৈ পথ দুৰ্ঘটনাত পতিত লোকসকলক কোনো লোকে চিকিৎসালয়লৈ নিয়াকে ধৰি বিভিন্ন প্ৰকাৰে সহায় আগবঢ়ালে এই লোকসকল যে আৰক্ষীৰ তদন্ত বা গোচৰৰ সৈতে সাঙোৰ খাই নপৰে সেই সন্দৰ্ভত এতিয়াও বহু লোক অৱগত নহয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 06, 2023, 14:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|