ষাঠিৰ দশকতেই নতুন অসমীয়া কাকতৰ জৰিয়তে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰি বৰ্তমানলৈ সাংবাদিকতা কৰি থকা বিশিষ্ট সাংবাদিক, লেখক, চিন্তাবিদ ছয়গাওঁৰ শিৱচৰণ কলিতাৰ ৮৩ বছৰ বয়সত আজি কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হয়। দক্ষিণ কামৰূপৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিগৰাকী কোৰোণাত আক্ৰান্ত হৈ গেট হাস্পতালত কেইবাদিনো ধৰি আই চি ইউত ভৰ্তি হৈ আছিল।
আজি পুৱাই তেওঁৰ মৃত্যুৰ খবৰে দক্ষিণ কামৰূপত শোকৰ ছাঁ পেলাইছে। 'সময় বীক্ষণ' আৰু 'মেঘে ঢকা স্বদেশ' নামৰ প্ৰবন্ধ সংকলন, 'নতুন দিনৰ মানুহ' কাব্য গ্ৰন্থৰ প্ৰণেতা শিৱচৰণ কলিতা দক্ষিণ কামৰূপৰ সমাজ জীৱনৰ বাবে আছিল বিশেষ ব্যক্তি। ছয়গাঁও আলেকজাৰীৰ এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত ছয়গাওঁ প্ৰেছ ক্লাব, ই পি মিডিয়া ফৰাম ছাউথ কামৰূপৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|