এজন অধ্যাপকে পোহৰলৈ আনিছিল প্ৰশ্নকাকত ফাদিলৰ তথ্য (HSLC Paper Leak)। শচীন্দ্ৰ দলেৰ তৎপৰতাত পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ তথ্য পোহৰলৈ আনিছিল দলেই। গণিত আৰু ইংৰাজী প্ৰশ্নকাকত ফাদিলৰো খবৰ পাইছিল দলেই। খবৰ পাই এই কথা জনাইছিল স্কুল পৰিদৰ্শকক।
ছল্ট ব্ৰুকৰ ছাত্ৰ জড়িত থকাৰ খবৰ পাইছিল শচীন্দ্ৰ দলেই। স্কুল পৰিদৰ্শকে সমগ্ৰ ঘটনা জনাইছিল ডিব্ৰুগড় আৰক্ষীক। আৰক্ষীয়ে শচীন্দ্ৰ দলেৰ পৰা লৈছিল সকলো তথ্য। শিক্ষামন্ত্ৰীকো ব্যক্তিগতভাৱে সমগ্ৰ ঘটনাৰ বিষয়ে জনাইছিল দলেই।
প্ৰশ্নকাকত ফাদিলৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে হাহাকাৰ লাগিছিল ৰাজ্যজুৰি। ছেবাই বাতিল কৰিছিল সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। বিজ্ঞানৰ পিছত এইবাৰ বাতিল কৰা হ’ল MILৰ পৰীক্ষাও।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 17, 2023, 09:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।