চামগুৰিৰ এটি দৰিদ্ৰ পৰিয়াল। গাড়ী চলাই জীৱন নিৰ্বাহ কৰা চামগুৰিৰ হাঁহচৰা গাঁৱৰ নিতুল লস্কৰৰ পৰিয়াললৈ নামি আহিছে কাল অমানিশা।ক'ভিড SOP ৰ নিৰ্দেশ মৰ্মে বৰ্তমান যান–বাহনসমূহ চলোৱা বন্ধ হৈ পৰাত লস্কৰৰ পানীত হাঁহ নচৰা অৱস্থা। যোৱা কেইবাটাও মাহ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা পত্নীক উন্নত চিকিৎসাৰ বাবে নিব পৰা নাই চিকিৎসালয়লৈ। বাহন চালক নিতুল লস্কৰৰ পত্নী বাসন্তী লস্কৰ বৰ্তমান এখন বিছনাতেই কটাবলগীয়া হৈছে দিন-ৰাতি।
নিতুল লস্কৰৰ পত্নীক চিকিৎসাৰ বাবে চুবুৰীয়া গাঁওবাসীয়ে আৰ্থিকভাৱে সহায় কৰিছে যদিও বাসন্তীক উন্নত চিকিৎসা কৰাব পৰা নাই গাড়ীচালক লস্কৰে। আনহাতে লস্কৰো কেইদিনমানৰ পৰা অসুস্থ হৈ পৰাত গাড়ী চলাই গোটাই থোৱা ধন সকলো খৰচ কৰি এতিয়া চিকিৎসাৰ বাবে একো উপাই নোহোৱাত ঘৰতে থাকিবলগীয়া হৈছে। বৰ্তমান ওচৰ–চুবুৰীয়া আৰু বাসন্তীৰ পৰিয়ালে আশাৰে বাট চাইছে কোনোবা সু–হৃদয়ৱান লোকলৈ। সকলো সময়তে সমষ্টিবাসী ৰাইজৰ লগত থকা বিধায়ক ৰকিবুল হুছেইনলৈ আহ্বান জনায় যে বাসন্তীৰ লগতে পৰিয়ালটোলৈ সহায় আগবঢ়ায়।
লগতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তলৈও আহ্বান জনাই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰি উন্নত চিকিৎসা কৰিবৰ বাবে সহায় কৰিবলৈ । যদি কোনোবা সুহৃদয়ৱান লোকে পৰিয়ালটোক সহায় কৰিবলৈ মন কৰে, তেনেহ'লে বাসন্তী লস্কৰৰ নামত থকা একাউন্ট নম্বাৰ 36165428307, IFSC:-SBIN0002119ত কিছু সহায় কৰাৰ লগতে 6000380740 নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনায়। আপোনাৰ অকনমান সহায়ৰ বাবেই লস্কৰৰ পৰিয়ালটোৱে পাব পাৰে কিছু সকাহ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|