মুখ্যপৃষ্ঠা »খবৰ »অসম »যোৰহাটত পুনৰ হ’ব নেকি লকডাউন! উপায়ুক্ত কাৰ্যালয়ৰ এটা ভৱন কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা

যোৰহাটত পুনৰ হ’ব নেকি লকডাউন! উপায়ুক্ত কাৰ্যালয়ৰ এটা ভৱন কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা

যোৰহাটত বৰ্তমানলৈকে ১৫৬গৰাকী কোভিড ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

যোৰহাটত বৰ্তমানলৈকে ১৫৬গৰাকী কোভিড ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

  • Share this:
যোৰহাটবাসীলৈ অশনি সংকেত। লক্ষ্যজিত বৰদলৈৰ পিছত যোৰহাটৰ আন চাৰিগৰাকী লোকৰ শৰীৰত কোভিড–১৯ৰ সংক্ৰমণ পোৱা গৈছে যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। এই লোককেইজনৰ ভিতৰত এজন হৈছে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। জিতুমনি শৰ্মা নামৰ বাকিজাই শাখাৰ কৰ্মচাৰীজনৰ লগতে কোভিড–১৯ৰ সংক্ৰমণ হোৱা আন এজন কৰ্মচাৰী চিভিল ডিফেন্সৰ নয়নমণি বৰা। ভ্ৰমণ বৃত্তান্ত নথকা বাকী দুগৰাকী লোক হ’ল তিতাবৰ বেচিক তিনিআলিৰ অঞ্জলি শৰ্মা আৰু যোৰহাট বায়ুসেনা বাহিনীৰ ৰাজেন্দ্ৰ সিং।

ইতিমধ্যে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় চৌহদৰ এটা ভৱন ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন হিচাপে। জিতুমণি শৰ্মাই কাম কৰা উপায়ুক্ত কাৰ্যালয়ৰ মূল ভৱনৰ পূব দিশে বাকীজাই শাখা, ভূমি অধিগ্ৰহণ আৰু এন আৰ চিৰ কাৰ্যালয় থকা ভৱনটো কণ্টেইনমেণ্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে। কাৰ্যালয়কেইটাৰ কৰ্মচাৰীসকলক হোম কোৱাৰেণ্টাইনত থাকিবলৈ কোৱা হৈছে আৰু সকলোৰে COVID–19 পৰীক্ষা কৰা হ’ব।

আটাইকেইজন ব্যক্তিৰে সংস্পৰ্শলৈ অহা লোকসকলৰ সন্ধান আৰম্ভ কৰিছে যোৰহাট জিলা প্ৰশাসনে। আনহাতে, চিভিল ডিফেন্সৰ কৰ্মচাৰীগৰাকী বিগত সময়চোৱাত যোৰহাট পৌৰসভাৰ কাৰ্যালয়ৰ বাহিৰত স্ক্ৰীণিঙৰ কামত নিয়োজিত হৈ আছিল। বৰ্তমান নগৰৰ মাজমজিয়াৰ এই ভৱনটোত থকা পৌৰসভাৰ কাৰ্যালয়, যোৰহাট জিলা পৰিষদৰ কাৰ্যালয় আৰু উন্নয়ন ছুপাৰ মাৰ্কেটৰ দোকানসমূহ কেইদিনমানৰ বাবে বন্ধ কৰি দিয়া হৈছে।

এইখিনিতে ভাল খবৰ যে বৰ্তমানলৈকে যোৰহাটত চিকিৎসালয়ত ভৰ্তি কৰা COVID–19 সংক্ৰমিত ১৫৬জন লোকৰ এজনৰ শৰীৰতো নাই এই ৰোগৰ লক্ষণ। এই ৰোগীসকলৰ সকলোতকৈ বয়সীয়াল লোকজনৰ বয়স ৭২ বছৰ। সুখবৰ যে এইজন লোকৰ শৰীৰতো নাই ৰোগৰ লক্ষণ। অতি সোনকালে এই লোকসকল সংক্ৰমণ মুক্ত হৈ ঘৰলৈ উভতিব পাৰিছে।

কিন্তু যোৰহাটত লক্ষ্যজিত বৰদলৈৰ পৰা আৰম্ভ হোৱা শেহতীয়া সংক্ৰমণৰ ঘটনাসমূহে সকলোকে উদ্বিগ্ন কৰি তুলিছে। কাৰণ ভ্ৰমণ বৃত্তান্ত নথকা এইসকল লোক কেনেদৰে সংক্ৰমিত হ’বলৈ পালে তাক লৈয়ো প্ৰশ্নৰ সৃষ্টি হৈছে। যদিহে যোৰহাটত এনেধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা আৰু অধিক লোকৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণ পোৱা যায় তেন্তে যোৰহাটত অঞ্চলবিশেষে লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে‌।

"যোৰহাটত বৰ্তমানলৈকে ১৫৬গৰাকী কোভিড ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু ভাল খবৰটো হৈছে যে কাৰোৰে শৰীৰত ৰোগৰ লক্ষণ নাই। আমি বৰ্তমান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। যোৰহাটত যদিহে ট্ৰেভেল হিষ্ট্ৰী নথকা আৰু অধিক সংক্ৰমিত লোক পোৱা যায় তেন্তে আমি অঞ্চল বিশেষে পুনৰ লকডাউন ঘোষণা কৰিব পাৰো।", যোৰহাটৰ উপায়ুক্ত ৰশ্নী অপৰাঞ্জি কৰাতিয়ে এইদৰে ক’লে News18ক।

যোৰহাটৰ শেহতীয়া ঘটনাৱলীয়ে ৰাইজক উদ্বিগ্ন কৰাৰ লগতে আতংকিতও কৰি তুলিছে। আনহাতে, কোভিড–১৯ সংক্ৰমিত একাংশ লোকক বিভিন্ন সামাজিক মাধ্যমত বিৰূপ মন্তব্যৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাসমূহ শেহতীয়াকৈ আন এক চিন্তাৰ বিষয় হৈ পৰিছে।

শেহতীয়া বাতৰি