জালুকবাৰী আৰক্ষী থানাৰ এটা টহলদাৰী দলে পাণ্ডু ল'ক' কলনীত শিশুটিক উদ্ধাৰ কৰে।
জালুকবাৰী আৰক্ষী থানাৰ এটা টহলদাৰী দলে পাণ্ডু ল'ক' কলনীত শিশুটিক উদ্ধাৰ কৰে।
নিশা গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলত উদ্ধাৰ হয় এটি অভিভাৱকহীন শিশু। জানিব পৰা মতে, জালুকবাৰী আৰক্ষী থানাৰ এটা তহলদাৰী দলে পাণ্ডু ল'ক' কলনীত তহল দি থকা অৱস্থাত এটি শিশুক বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে। আৰক্ষীৰ দলটোৱে শিশুটিক সোধা পোছা কৰা শিশুটিয়ে নিজৰ নাম মহম্মদ ডানিছ বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ পিতৃৰ নাম মহম্মদ ইমতাজউদ্দিন আৰু ঘৰ বিহাৰৰ লৰঙাত বুলি প্ৰকাশ কৰে (PARENTLESS CHILD HAS BEEN RESCUED)।
শিশুটিয়ে ভাষ্য শুনাৰ পাছতেই এই সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে চাইল্ডলাইনৰ সৈতে যোগাযোগ কৰি শিশুটিক নিশাই স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰে।ইফালে, স্বাস্থ্য পৰীক্ষাৰ ফলাফলত শিশুটিৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে (Covid Positive)। যাৰবাবে শিশুটিক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ক'ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|