সোণালী বৰ্ষ অতিক্ৰম কৰা ৰাজ্যৰ অন্যতম ৰাজহুৱা খণ্ডৰ উদ্যোগৰ নামৰূপৰ অসম পেট্ৰ’কেমিকেলছ লিমিটেড (APL)ৰ নিৰ্মীয়মাণ ৫০০ টন মিথানল আৰু ২০০ টন বৰ্ধিত ফৰ্মেনিল প্ৰকল্পটো পৰিদৰ্শন কৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
মঙলবাৰে এপিএলত উপস্থিত হৈ উদ্যোগটোৰ নিৰ্মীয়মাণ প্ৰকল্পটো পৰিদৰ্শন কৰি মন্ত্ৰীজনে কয় যে উক্ত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ৯৯.১ শতাংশ সম্পূৰ্ণ হৈছে। প্ৰকল্পটোৰ আধৰুৱা কামসমূহ অহা জানুৱাৰী মাহত সম্পূৰ্ণ হৈ উঠিব। জানুৱাৰীৰ পৰাই পৰীক্ষামূলক উৎপাদন হ’ব আৰু ফেব্ৰুৱাৰী মাহৰ পৰা সম্পূৰ্ণ উৎপাদনৰ বাবে সাজু হৈ উঠিব।
যোৱা বৰ্ষত উদ্যোগটোৱে ২৫ কোটি টকা লাভ কৰিবলৈ সক্ষম হোৱা উদ্যোগটোৰ আন এটা প্ৰকল্প বঙাইগাও জিলাৰ বৈতামাৰীত ফৰমেলডিহাইট উৎপাদনৰ বাবে প্ৰতিদিনে ১০০ মেট্ৰিকট্ৰন মিথানল পৰিবহন হ’ব ।
ফৰমেলডিহাইটৰ এখন বৃহৎ বজাৰ উদ্যোগটোৱে লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী। পৰিদৰ্শন কালত এপিএলৰ অধ্যক্ষ বিকুল ডেকা, স্থানীয় বিধায়ক তৰংগ গগৈ এপিএলৰ পৰিচালন সঞ্চালক ৰাজনীশ গগৈ উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|