ৰাজ্যত ক্ৰমাৎ সক্ৰিয় ৰূপ ধাৰণ কৰিছে অনলাইন প্ৰৱঞ্চকৰ চক্ৰই। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈৰ নাম লৈ প্ৰৱঞ্চকে পেলালে প্ৰৱঞ্চনাৰ জাল। বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকক লক্ষ্য কৰি তেওঁৰ পৰা লুটি নিলে লক্ষাধিক টকা। ভুক্তভোগী অধ্যাপকগৰাকী হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰফেছৰ অনুপ শইকীয়া।
জানিব পৰা মতে, অধ্যাপকগৰাকীৰ মোবাইললৈ ১৪ আগষ্টৰ দিনা উপাচাৰ্যৰ ফটোসম্বলিত 7722991836 নম্বৰৰ পৰা হোৱাটছএপযোগে এটা মেছেজ আহিছিল। উক্ত মেছেজত উপাচাৰ্যৰ নাম লৈ অধ্যাপকজনৰ পৰা প্ৰৱঞ্চক চক্ৰটোৱে সহায় বিচাৰিছিল। চক্ৰটোৱে তেওঁৰ পৰা লক্ষাধিক টকাৰ এমাজন পে'ৰ গিফ্ট কুপন বিচাৰিছিল। অধ্যাপকজনে উপাচাৰ্যই সহায় বিচৰা বুলি সেইমতেই কুপনসমূহ ক্ৰয় কৰি দিছিল। পৰৱৰ্তী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ পৰা লাভ কৰা এক সতৰ্কতামূলক মেইলৰ পৰাহে স্পষ্ট হয় সকলো কথা।
ঘটনাটো সংঘটিত হোৱাৰ আগতেই অহা মেইলটোত কোনো দুষ্টচক্ৰই উপাচাৰ্যৰ নাম লৈ প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ কথা পঞ্জীয়নকগৰাকীয়ে উল্লেখ কৰি এনে দুষ্ট চক্ৰৰ জালত নপৰিবলৈ মেইলযোগে সকলোকৈ সতৰ্ক কৰিছিল। কিন্তু ভুক্তভোগী অধ্যাপকজনে এই মেইলটো চোৱাৰ পূৰ্বেই প্ৰৱঞ্চক চক্ৰটোৱে তেওঁৰ পৰা ধন লুট কৰি নিয়ে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত তেখেতে লতাশিল থানাৰ লগতে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগত এক গোচৰ ৰুজো কৰিছে। আৰক্ষীক অতি শীঘ্ৰে প্ৰৱঞ্চক চক্ৰটোক ধৰা পেলাবলৈ তেখেতে আহ্বান জনাইছে। লগতে এনে প্ৰৱঞ্চক চক্ৰৰ জালৰ পৰা সাৱধানে থাকিবলৈও সংবাদ মাধ্যমৰ জৰিয়তে সকলোক ৰাইজকো অধ্যাপকগৰাকীয়ে আহ্বান জনাইছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 22, 2022, 15:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।