ল’ক ডাউনঃ কলিয়াবৰৰ পৰা খোজকাঢ়ি আহি বিশ্বনাথ চাৰিআলি পালেহি ৮০ বছৰীয়া বৃদ্ধ

News18 Assam | News18-Assam
Updated:March 26, 2020, 9:06 PM IST
ল’ক ডাউনঃ কলিয়াবৰৰ পৰা খোজকাঢ়ি আহি বিশ্বনাথ চাৰিআলি পালেহি ৮০ বছৰীয়া বৃদ্ধ
কলিয়াবৰৰ পৰা ১০০ কিলোমিটাৰ খোজকাঢ়ি আহি বিশ্বনাথ চাৰিআলি পালেহি লখিমপুৰ জিলাৰ লালুকৰ এজন ৮০ বছৰীয়া বৃদ্ধ।

কলিয়াবৰৰ পৰা ১০০ কিলোমিটাৰ খোজকাঢ়ি আহি বিশ্বনাথ চাৰিআলি পালেহি লখিমপুৰ জিলাৰ লালুকৰ এজন ৮০ বছৰীয়া বৃদ্ধ।

  • Share this:
মহামাৰী ক'ৰণাৰ বাবে সমগ্ৰ দেশতে এতিয়া  ল'ক ডাউন বলবৎ কৰা হৈছে ৷ স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাপন ৷ বন্ধ হৈ পৰিছে গাড়ী মটৰ ৷ গাড়ী মটৰ চলাচল নকৰাৰ বাবেই কলিয়াবৰৰ পৰা খোজকাঢ়ি আহি বিশ্বনাথ চাৰিআলি পালেহি লক্ষিমপুৰ জিলাৰ লালুকৰ এজন ৮০ বছৰীয়া বৃদ্ধ ৷

জানিব পৰা মতে, খগেন বৰুৱা নামৰ লালুকৰ এই বৃদ্ধগৰাকী গুৱাহাটীত থকা পুত্ৰৰ ওচৰলৈ গৈছিল ৷ অৱশ্যে মঙলবাৰে ল'ক ডাউন ঘোষনাৰ পূৰ্বে বাছত উঠি আহিছিল ঘৰলৈ। কিন্তু লখিমপুৰলৈ পোনপটীয়া বাছ নাপাই কলিয়াবৰৰ বাছত উঠি আহিছিল  বৃদ্ধ গৰাকীয়ে।

কলিয়াবৰ তিনিআলিত গাড়ীৰ পৰা নমাৰ পিছত গাড়ী নাপাই লোকজনে কলিয়াবৰ তিনি আলিৰ পৰা খোজ কাঢ়িয়েই ঘৰলৈ বুলি বাট লয়। কলিয়াবৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে  প্ৰায় ১০০ কিলোমিটাৰ খোজ কাঢ়ি আহিছিল বৃদ্ধজন ৷ নিশা কটাইছিল ৰেল ষ্টেচনত ৷ ইফালে  পুত্ৰই দিয়া ১২০০ টকাও কোনো দুস্কৃতিকাৰীয়ে লুটি  নিলে বৃদ্ধজনৰ পৰা।

বিশ্বনাথ চাৰিআলিলৈকে খোজকঢ়াৰ পিছতে অসুস্থ হৈ পৰে খগেন বৰুৱা। বিশ্বনাথ চাৰিআলিৰ কিছু সচেতন লোকে বৃদ্ধজনক পিছত অসুস্থ অৱস্থাত ভৰ্তি কৰে এখন ব্যক্তিগত চিকিৎসালয়। কিন্তু বৰ্তমানলৈকে পৰিয়ালৰ লগত স্থাপন কৰিব পৰা নাই কোনো ধৰণৰ সম্পৰ্ক।
আৰু চাওক
পৰৱৰ্তী বাতৰি