• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘সৰ্বানন্দ সোণোৱালে এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলো’– কান্দি কান্দি এগৰাকী আইতাই ক’লে এই কথা

‘সৰ্বানন্দ সোণোৱালে এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলো’– কান্দি কান্দি এগৰাকী আইতাই ক’লে এই কথা

নাৰীশক্তিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি এগৰাকী আইতাৰ আবেগিক মন্তব্য

নাৰীশক্তিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি এগৰাকী আইতাৰ আবেগিক মন্তব্য

নাৰীশক্তিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি এগৰাকী আইতাৰ আবেগিক মন্তব্য

  • Share this:
‘বিজেপিত যোগদান কৰাৰ দুদিন পিছত স্বভাৱসুলভ ভাবে ডিব্ৰুগড়ত লগ পাই মোৰ ভৰি চুই সেৱা কৰিছিল সৰ্বানন্দ সোণোৱালে। মই আশীৰ্বাদো দিছিলো। তৰুণ গগৈয়ে যি কৰিলে আমি দেখিলোৱেই। ভাবিছিলো সৰ্বানন্দ সোণোৱালে জাতিটোক উদ্ধাৰ কৰিব। কিন্তু নোৱাৰে নোৱাৰে, নাগপুৰৰ ওচৰত আঁঠু ল’লে। বাকীবোৰৰ কথা নকওৱেই, অন্ততঃ সৰ্বানন্দ সোণোৱালে এই কাম কৰিব বুলি সপোনতো ভবা নাছিলো।’

গুৱাহাটীৰ লতাশিলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰীশক্তিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি এগৰাকী আইতাৰ আবেগিক মন্তব্য। চকুপানী টুকি টুকি আইতাগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়।  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা অসমবাসীয়ে যিখিনি আশা কৰিছিল সেয়া বাস্তৱত ৰূপায়িত নোৱোৱাৰ লগতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই স্থিতিত যে এতিয়া সকলো অসমীয়াক হতাশ কৰিছে, সেই কথা স্পষ্ট হৈ পৰিল আইতাগৰাকীৰ মন্তব্যত। লতাশিলৰ প্ৰতিবাদত উপস্থিত থকা আইতাগৰাকীৰ নাম অঞ্জলী কাকতি বৰা। এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাকৰ্মী।

Published by:Himangshu Bhuyan
First published: