• Home
  • »
  • News
  • »
  • assam
  • »
  • General Assembly of AASU : লখিমপুৰত অনুষ্ঠত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

General Assembly of AASU : লখিমপুৰত অনুষ্ঠত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

NAACৰ দৰে এখন উচ্চস্তৰীয় বিদ্যালয় মূল্যাংকন আয়োগ গঠনৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ।

NAACৰ দৰে এখন উচ্চস্তৰীয় বিদ্যালয় মূল্যাংকন আয়োগ গঠনৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ।

NAACৰ দৰে এখন উচ্চস্তৰীয় বিদ্যালয় মূল্যাংকন আয়োগ গঠনৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ।

  • Share this:
আজি লখিমপুৰত অনুষ্ঠত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই যেতিয়ালৈকে ইচ্ছা কৰে তেতিয়ালৈকে তেওঁক ছাত্ৰ সংগঠনটোৰ সন্মানীয় স্থানত ৰখাৰ প্ৰস্তাৱ দিয়া হয়।

ইয়াৰ লগতে লোৱা হয় আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ-

  • শিক্ষাত মাধ্যম বিতৰ্ক পৰিহাৰ কৰি চৰকাৰে বিষয়টোত হাত নিদিবলৈ প্ৰস্তাৱ।

  • 'কা' সন্দৰ্ভত AASUৰ স্থিতি স্পষ্ট কৰি 'কা' বাতিল কৰাৰ পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ।

  • নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ।

  • অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ শৈক্ষিক মানক লৈ আছুৰ অসন্তুষ্টি। শীঘ্ৰেই এনে বিশ্ববিদ্যালয়ৰ শৈক্ষিক মান উন্নত কৰাৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ।

  • অসমক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবই লাগিব, এই দাবীক লৈ প্ৰস্তাৱ।

  • প্রাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত কাৰিকৰী আৰু অ-কাৰিকৰী বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰৰ সমস্যা সমাধানৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ।

  • গুণোত্‍সৱ অনুষ্ঠিত কৰিলেও নহ'ব, NAACৰ দৰে এখন উচ্চস্তৰীয় বিদ্যালয় মূল্যাংকন আয়োগ গঠনৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ।

  • ইয়াৰ লগতে আন বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় লখিমপুৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাত। এই সভাতে ৰাজ্য চৰকাৰে লাচিতৰ ৪০০ বছৰীয়া জয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তোলা প্ৰয়াসক উচ্চ প্ৰশংসা কৰে উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে আছু নেতৃত্বই।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি