মাহ-হালধীৰ গোন্ধ নৌযাওতেই এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু
মাহ-হালধীৰ গোন্ধ নৌযাওতেই এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু
মাহ-হালধীৰ গোন্ধ নৌযাওতেই এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু। নুমলীগড়ৰ সমীপৰ কমাৰগাঁৱৰ ১ নং গৰৈমাৰিত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। ৰহস্যজনক ভাবে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকীৰ নাম সীমা হাজৰিকা। মাত্ৰ ৮ মাহ পূৰ্বে সীমান্ত হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সীমা হাজৰিকা।
ইতিমধ্যে সীমাৰ স্বামী সীমান্ত হাজৰিকাক নিশাই কমাৰগাঁও আৰক্ষীয়ে আটক কৰিছে। আনহাতে ঘটনাক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি সীমা হাজৰিকাৰ পিতৃয়ে কমাৰগাঁও আৰক্ষী থানাত সীমান্ত হাজৰিকাৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
ইফালে অভিযুক্ত সীমান্তৰ পিতৃয়ে আৰক্ষীক জনোৱা মতে, পুত্ৰ সীমান্তই প্ৰথমে বোৱাৰীয়েকক হত্যা কৰি তাৰ পাছত তেল ঢালি জ্বলাই দিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|