গোলাঘাট জিলাৰ বৰপথাৰত পথৰ দাঁতিত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ।
গোলাঘাট জিলাৰ বৰপথাৰত পথৰ দাঁতিত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ।
গোলাঘাট জিলাৰ বৰপথাৰত পথৰ দাঁতিত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ। কোনো পাষাণ মাতৃয়ে নিজৰ কলংক ঢাকিবলৈ শুকুৰবাৰে নিশা পথৰ দাঁতিত পেলাই থৈ সদ্যোজাত নৱজাতকটিক।
গোলাঘাটৰ বৰপথাৰ জামুগুৰি সংযোগী পথৰ দাঁতিত টামুলী গাঁৱৰ সমীপত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ। শনিবাৰে পুৱা প্ৰাতঃ ভ্ৰমণলৈ অহাৰ সময়ত একাংশ লোকে পথৰ দাঁতিত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। ইফালে নৱজাতকটিৰ চকুৰ লগতে শৰীৰৰ কিছু অংশ কুকুৰ বা কাউৰীয়ে ভক্ষণ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
এনেদৰে পথৰ দাঁতিত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাক এনেমুখে নিন্দা কৰিছে সকলোৱে। ইফালে মাতৃ সমাজক কলংকিত কৰা এনে লোকক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাইছে সচেতন মহলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|