মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লকডাউনৰ সময়ত অসমত বাস কৰা এটা নগা পৰিয়ালৰ দুৰ্দশাৰ কাহিনী

লকডাউনৰ সময়ত অসমত বাস কৰা এটা নগা পৰিয়ালৰ দুৰ্দশাৰ কাহিনী

News18 Assam | News18-Assam
Updated:May 11, 2020, 11:31 AM IST
লকডাউনৰ সময়ত অসমত বাস কৰা এটা নগা পৰিয়ালৰ দুৰ্দশাৰ কাহিনী
যোৰহাট জিলাৰ মৰিয়নী বিধানসভা সমষ্টিৰ ১৫নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫নং ৱাৰ্ডৰ তিৰুৱাল ভেটা গাঁৱত ইমচি জমিৰ নামৰ নগা লোকজন জীয়েকৰ সৈতে বাস কৰে।

যোৰহাট জিলাৰ মৰিয়নী বিধানসভা সমষ্টিৰ ১৫নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫নং ৱাৰ্ডৰ তিৰুৱাল ভেটা গাঁৱত ইমচি জমিৰ নামৰ নগা লোকজন জীয়েকৰ সৈতে বাস কৰে।

  • Share this:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে বিজেপি দলৰ কৰ্মী যে হ'ব লাগিব সেইয়া যেন এতিয়া এক নিয়মত পৰিণত হৈছে। বিজেপি নেতা–কৰ্মীয়ে চৰকাৰী আঁচনিৰ ধন পৰিয়ালতে ভগাই লোৱাৰ বিপৰীতে দৰিদ্ৰ জনতাই জনপ্ৰতিনিধিৰ ওচৰত সহায় বিচাৰি গ'লে দুৰ্ব্যৱহাৰৰহে সন্মুখীন হয়।

যোৰহাট জিলাৰ মৰিয়নী বিধানসভা সমষ্টিৰ ১৫নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫নং ৱাৰ্ডৰ তিৰুৱাল ভেটা গাঁৱত ইমচি জমিৰ নামৰ নগা লোকজন জীয়েকৰ সৈতে বাস কৰে। নব্বৈ ঊৰ্ধ্বৰ ইমচি জমিৰে আজিপৰ্যন্ত লাভ নকৰিলে বৃদ্ধ পেঞ্চনকে ধৰি চৰকাৰী কোনো সা–সুবিধা। উল্লেখ্য যে এটা নগা পৰিয়াল হৈও অসমীয়া জনজীৱনৰ লগত মিলি নিজকে অসমীয়া বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰা ইমচি জমিৰৰ পৰিয়ালটোৱে ১৯৫১ চনৰ পৰা নকছাৰীত বসবাস কৰি আছে।

অসম–নগালেণ্ড সীমান্ত শান্তি সমন্বয় সমিতিৰ বিষয়ববীয়া ৰূপে থাকি সংঘাতৰ বিপৰীতে অসমীয়া আৰু নগাৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল ইমচি জমিৰ নামৰ লোকজনে। নকছাৰী অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান–প্ৰতিষ্ঠানৰ লগতো সক্ৰিয়ভাৱে জড়িত আছিল ইমচি জমিৰ। কিন্তু অতি পৰিতাপৰ কথা যে বৰ্তমান এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ইমচি জমিৰৰ পৰিয়ালটোৱে।

উল্লেখ্য যে তেওঁৰ একমাত্ৰ পুত্ৰ বেলেগে বাস কৰাত কন্যা আচাংলা জমিৰে তেওঁক চোৱা চিতা কৰে। কিন্ত বৰ্তমান লকডাউনৰ সময়ত পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰাৰ লগতে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। লাখুটি অবিহনে তথা কোনো লোকে ধৰি নিদিলে উঠা–বহা কৰিব নোৱাৰা ইমচি জমিৰৰ ঔষধ ক্ৰয় কৰিবলৈ এতিয়া হাতত নাই ধন।

আনহাতে, চৰকাৰী ৰেচন কাৰ্ড নথকা পৰিয়ালটোৱে লকডাউনৰ সময়ত চৰকাৰে প্ৰদান কৰা এহেজাৰ টকাৰ সাহায্যৰ পৰাও বঞ্চিত হ’ল। এই বিষয়ে ইমচি জমিৰৰ কন্যাই পঞ্চায়ত প্ৰতিনিধিক প্ৰশ্ন কৰাত ৮০-৯০ বছৰীয়া বৃদ্ধৰ বাবে তেনে সাহায্য আঁচনি নাই বুলি পঞ্চায়তখনৰ ৱাৰ্ড সদস্যগৰাকীয়ে জানিবলৈ দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে। সাংবাদিকৰ আগত ইমচি জমিৰে অতি দুখেৰে কয় যে, "আমি চৰকাৰৰ পৰা আজিলৈকে একো সুবিধা পোৱা নাই। লকডাউনৰ সময়ত বহুত অসুবিধা হৈছে চলিবলৈ। সেইবাবে মোৰ ছোৱালীজনীয়ে পঞ্চায়তৰ পৰা কিবা এটা সহায় বিচাৰি গৈছিল। কিন্তু বুঢ়া মানুহৰ বাবে একো সুবিধা নাই বুলি ক'লে। তাকে শুনি মনত বৰ দুখ পাইছো।"

আনহাতে ইমচি জমিৰৰ জীয়ৰীয়ে সাংবাদিকৰ আগত কয় – "দেউতাক ময়ে চোৱাচিতা কৰো। তেওঁৰ বাবে দৰব কিনিবলৈও মোৰ হাতত এতিয়া পইচা নাই।" চৰকাৰে লকডাউনৰ সময়ত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক এহেজাৰ টকাকৈ দিয়া নগদ ধন মৰিয়নীৰ নকছাৰীত বহু অৱস্থাসম্পন্ন পৰিয়ালে লাভ কৰা বিপৰীতে এনে দৰিদ্ৰ পৰিয়ালে লাভ নকৰাটো অতি দুৰ্ভাগ্যজনক। আনহাতে, ইমচি জমিৰৰ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰৰ পৰা সহায় বিচাৰিছে।
First published: May 11, 2020, 11:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি