
সামাজিক মাধ্যমত কীৰ্তন পাঠেৰে চৰ্চালৈ আহিছে ৰেকিব শ্বাহ।
সামাজিক মাধ্যমত কীৰ্তন পাঠেৰে চৰ্চালৈ আহিছে ৰেকিব শ্বাহ।
সম্পূৰ্ণ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নীতি-নিয়মৰ মাজেৰে কীৰ্তন পাঠত ব্যস্ত হ'ল এজন ব্যক্তি। কোনো নামঘৰত নহয়, নিজৰ ঘৰতে এজন ইছলাম ধৰ্মাৱলম্বী লোকে পাঠ কৰিলে কীৰ্তন।
তেওঁ ৰেকিব শ্বাহ। গোলাঘাটৰ কছাৰীহাটৰ নিৱাসী এইগৰাকী ৰেকিব শ্বাহে বাসগৃহতে কীৰ্তন পাঠ কৰে। এই পাঠৰ মাজেৰে গোলাঘাটৰ গাঁওখনত যেন পুনৰ স্মৰণীয় হৈ উঠিল শংকৰ-আজানৰ সম্প্ৰীতিৰ সেই অপূৰ্ব নিদৰ্শন (Muslim Man recited kirtan at home)।
পৱিত্ৰ ভাদ মাহ উপলক্ষে নিজ ঘৰতে পৰম্পৰাগত নীতি–নিয়মেৰে কীৰ্তন পাঠ কৰে ৰেকিব শ্বাহে ৷ কলপাতৰ ওপৰত থাপনা থৈ চুৰিয়া, চেলেং,গামোচা পৰিধান কৰি কীৰ্তন পাঠ কৰে তেওঁ ৷ এই সন্দৰ্ভত তেওঁৰ মত– সম্পূৰ্ণ মাহজোৰা কীৰ্তন পাঠত ব্যস্ত থাকিব। কীৰ্তন পাঠ কৰি অন্তৰত প্ৰশান্তি লভাৰ কথাও প্ৰকাশ কৰে। সামাজিক মাধ্যমত কীৰ্তন পাঠেৰে চৰ্চালৈ আহিছে ৰেকিব শ্বাহ। মহাপুৰুষ শংকৰদেৱৰ জাত–পাতহীন সমাজ নিৰ্মাণৰ আদৰ্শ অনুসৰি আগবঢ়া ৰেকিব শ্বাহে দাঙি ধৰিছে ঐক্য–সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন ৷Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|