সঁচাকৈ এতিয়াও জীয়াই আছে মানৱীয়তা! বহুজনৰ প্ৰচেষ্টাত সুস্থ হৈ উঠিছে যোৰহাটৰ ৰাজপথত ঘূৰি-ফুৰা মানসিক বিকাৰগ্ৰস্ত লোক

পথত অনাই-বনাই ঘূৰি-ফুৰা মানসিক ভাৱে অসুস্থ লোক আপুনি নিশ্চয় বহু দেখিছে। একাংশৰ কিন্তু এটা সুন্দৰ অতীতো থাকে!
পথত অনাই-বনাই ঘূৰি-ফুৰা মানসিক ভাৱে অসুস্থ লোক আপুনি নিশ্চয় বহু দেখিছে। একাংশৰ কিন্তু এটা সুন্দৰ অতীতো থাকে!
- News18 Assam
- Last Updated: June 12, 2020, 10:56 PM IST
যোৰহাটৰ ৰাজপথটো তেনে এজন মানসিক বিকাৰগ্ৰস্ত লোক ঘুৰি ফুৰিছিল। আন দহজন তেনে লোকৰ দৰেই আছিল তেওঁৰ জীৱন। যোৰহাটৰ ৰাজপথত ঘুৰি ফুৰা লোকজনক হয়তো বহুতেই প্ৰত্যক্ষ কৰিছে। শেহতীয়াকৈ লোকজনক লাহদৈগড় অঞ্চলৰ এখন বন্ধ ধাবাৰ বাৰান্দাত দেখিবলৈ পোৱা গৈছিল। মুখেৰে যিকোনো কথা কৈ থকা এই অঘৰী লোকজনৰ জীৱনলৈ কিছুদিন পূৰ্বে আহিল অভূতপূৰ্ব পৰিৱৰ্তন।
স্থানীয় দুজনমান সচেতন যুৱকে লোকজনৰ বিষয়ে অৱগত কৰিলে যোৰহাটৰ সহকাৰী আয়ুক্ত ডিনচেংফা বৰুৱাক। সহকাৰী আয়ুক্তগৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ যোৰহাটৰ সমাজ কল্যাণ বিষয়া নিৰদা দেউৰীৰ সহযোগত লোকজনক পথৰ কাষৰ পৰা অনাৰ ব্যৱস্থা কৰে । আৰু সেয়াই আৰম্ভণি!
বিষয়া-কৰ্মচাৰীসকলৰ তৎপৰতাত তেওঁক যোৱা 6 জুনত JMCHৰ মানসিক ৰোগ চিকিৎসা বিভাগত ভৰ্তি কৰা হয়। চিকিৎসকৰ তৎপৰতাত কম সময়ৰ ভিতৰতে বহুখিনি সুস্থ হৈ উঠা লোকজনে নিজৰ পৰিচয় তেজমান বিশ্বকৰ্মা বুলি অৱগত কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘৰৰ ঠিকনাও জনালে শোণিতপুৰ জিলাৰ সোনাবিলৰ চিতাবস্তি বুলি ।
নাম ঠিকনা অৱগত হোৱাৰ পিছত শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ সহায়ত ডিনচেঙফা বৰুৱাই তেজমানৰ পৰিয়ালৰ সন্ধান উলিয়াবলৈ সক্ষম হয়। সকলোৰে সহযোগত বৰ্তমান বহু পৰিমানে সুস্থ হৈ উঠা তেজমানক শুকুৰবাৰে শোণিতপুৰৰ পৰিয়ালৰ কাষলৈ পঠিওৱা হয়। শোণিতপুৰৰ শালনিবাৰী থানাৰ পৰা ভাতৃ ৰাজকুমাৰ বিশ্বকৰ্মাই তেজমানক দীৰ্ঘদিনৰ পিছত নিজ ঘৰলৈ লৈ যায়।
তেজমান আক্ৰান্ত হৈছিল চিজ’ফ্ৰেনিয়া নামৰ জটিল মানসিক ৰোগত। চিকিৎসকে জানিবলৈ দিয়া মতে বৰ্তমান বহুখিনি সুস্থ হৈ উঠা লোকজনে কিন্তু নিয়মীয়াকৈ ঔষধ সেৱন কৰি থাকিব লাগিব আৰু নিয়মীয়াকৈ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাব লাগিব । হৃদয়বান একাংশ লোকৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে চিকিৎসকসকলেও।
এই লোকজন সুস্থ হৈ উঠাৰ বাবে প্ৰয়োজন হোৱা বহুখিনি ব্যয় বহন কৰিছিল প্ৰশাসনিক বিষয়াগৰাকীয়ে । উল্লেখ্য , ডিনচঙফা বৰুৱাই শেহতীয়াকৈ তেওঁ কৰি অহা আন এক প্ৰকল্পৰ বাবে অসম চৰকাৰৰ পৰা কৰ্মশ্ৰী সন্মান লাভ কৰিছে ।