• Home
  • »
  • News
  • »
  • assam
  • »
  • Rabha Divas 2021: এজোপা বেলগছ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, বৰবিলৰ গঞা সদাসচেতন এই গছক লৈ...

Rabha Divas 2021: এজোপা বেলগছ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, বৰবিলৰ গঞা সদাসচেতন এই গছক লৈ...

AJYCP ৰ হাওৰাঘাট আঞ্চলিকৰ সদস্যসকলে সম্পূৰ্ণ কোভিড বিধি মানি বৰবিল গাঁৱৰ এই বেলজোপাৰ তলতে গণশিল্পী ৰাভাক শ্ৰদ্ধাৰে সুঁৱৰে।

AJYCP ৰ হাওৰাঘাট আঞ্চলিকৰ সদস্যসকলে সম্পূৰ্ণ কোভিড বিধি মানি বৰবিল গাঁৱৰ এই বেলজোপাৰ তলতে গণশিল্পী ৰাভাক শ্ৰদ্ধাৰে সুঁৱৰে।

AJYCP ৰ হাওৰাঘাট আঞ্চলিকৰ সদস্যসকলে সম্পূৰ্ণ কোভিড বিধি মানি বৰবিল গাঁৱৰ এই বেলজোপাৰ তলতে গণশিল্পী ৰাভাক শ্ৰদ্ধাৰে সুঁৱৰে।

  • Share this:

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ বৃহত্তৰ হাওৰাঘাট এলেকাৰ এখন অতি পুৰণি গাঁও। নাম বৰবিল গাঁও। শতবৰ্ষগৰকা এইখন সুপ্ৰাচীন নিভাঁজ অসমীয়া গাঁৱতে আছে এজোপা বহু পুৰণি বেলগছ। আৰু এই বেলজোপাৰ সৈতেই আছে গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (Bishnu Prasad Rabha)ৰ এক অনন্য সম্পৰ্ক ।


পিছে কি এই সম্পৰ্ক?


এই সন্দৰ্ভত বিতংভাৱে জানিবলৈ আমি কাষ চাপিছিলো গাঁওখনৰে এগৰাকী বিশিষ্ট নাগৰিক তথা সুলেখক অনিল হাজৰিকাৰ। তেতিয়া অঞ্চলটোৰ অন্যতম অধ্যয়নপুষ্ট ব্যক্তি অনিল হাজৰিকাই আমাক জনায় যে প্ৰায় ২০০ (দুশ) বছৰ পুৰণি এই নিভাঁজ অসমীয়া গাঁওখনৰ সৈতে আছে গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এক অনন্য সম্পৰ্ক। আচলতে গাঁওখনৰ ঘাই আলিৰ কাষতে থকা এজোপা বেলগছে আজিও ধৰি ৰাখিছে ঐতিহাসিক বৰবিল গাঁও আৰু বিষ্ণু ৰাভাৰ সেই অনন্য সম্পৰ্ক । হাজৰিকাই ব্যক্ত কৰা মতে, সেয়া ১৯৪৭ চনৰ স্বাধীনতা আন্দোলনৰ আগৰ কথা।


গাঁওখনৰ বুঢ়া-মেথাসকলে সদৰী কৰা সমলৰ আঁত ধৰি হাজৰিকাই আমাক জনালে যে স্বাধীনতাৰ আগত অসমৰ প্ৰায় দহ হাজাৰ কিলোমিটাৰ বাট খোজ কাঢ়ি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া কমিউনিষ্ট আন্দোলনত জঁপিয়াই পৰিছিল, তেতিয়া হাবি-জংঘলেৰে ভৰপূৰ হৈ থকা এটা লুংলুঙীয়া পথেৰে এই বৰবিল গাঁওলৈও আহিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। সংগ্ৰামৰ সময়ছোৱাত ৰাভাই যিকেইদিন ধৰি বৰবিল গাঁৱত আত্মগোপন কৰি আছিল সেই দিনকেইটাত বৰবিল গাঁৱৰ আজিৰ এই পকীপথ অৰ্থাৎ তেতিয়াৰ হাবি জংঘলেৰে ভৰপূৰ লুংলুঙীয়া পথটোৰ কাষত থকা এই বেলগছজোপাৰ তলতে বহি দিনৰ দিনটো জিৰণি লৈছিল। তেতিয়াৰে পৰা আজিৰ দিনলৈকে এই বেলগছজোপাৰ প্ৰতি বৰবিলবাসীয়ে পোষণ কৰি আহিছে এক সুকীয়া দৃষ্টিভংগী ।


বছৰৰ মাথোঁ এটা বিশেষ দিন বুলিয়েই নহয়, বছৰৰ যিকোনো দিনতেই এই গছজোপাক লৈ সদায় সজাগ–সচেতন বৰবিলৰ গঞা। অদ্যাপি চৰকাৰীভাৱে উপযুক্ত সংৰক্ষণ কিম্বা ৰক্ষণাবেক্ষণ নহ'লেও বৰবিলৰ গঞাই সদায় এই বেল গছজোপাৰ চাৰিওকাষ, তল সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰখাৰ সমান্তৰালভাৱে গছজোপাতো চূণ, ৰং সানি এক বিশেষ মৰ্যাদা প্ৰদান কৰি আছে। বৰবিলৰ গঞা ৰাইজ তথা যুৱ সমাজৰ এটাই আশা জনতাৰ শিল্পী বিষ্ণু ৰাভাৰ স্মৃতি বিজড়িত প্ৰতিটো ঐতিহাসিক স্থান, প্ৰতিটো ঐতিহাসিক সমল উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা লওক ৰাজ্যৰ নতুন চৰকাৰখনে। ৰক্ষণাবেক্ষণৰ দায়িত্ব লওক কাৰ্বি পাহাৰৰ বৃহত্তৰ হাওৰাঘাট অঞ্চলৰ শতবৰ্ষ গৰকা ঐতিহাসিক বৰবিল গাঁৱৰ এই ঐতিহ্যবাহী বেল গছজোপাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী ঠাইটুকুৰাও।


ইপিনে, আজি ৰাভা দিৱস উপলক্ষে বিষ্ণু ৰাভাই জিৰণি লোৱা এই বেলগছৰ তলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)এ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । দেওবাৰে ৰাভা দিৱসৰ এই পৱিত্র দিনটোতে AJYCP ৰ হাওৰাঘাট আঞ্চলিকৰ সদস্যসকলে সম্পূৰ্ণ কোভিড বিধি মানি বৰবিল গাঁৱৰ এই বেলজোপাৰ তলতে গণশিল্পী ৰাভাক শ্ৰদ্ধাৰে সুঁৱৰে।গাঁওবাসীক লগত লৈ AJYCP ৰ সদস্যসকলে ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আদি বিবিধ কাৰ্যসূচী ৰূপায়ণ কৰি কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

Published by:Gautam Barman
First published: