মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰেমিকৰ বোলে অইলত চাকৰি! ‘ফেচবুক প্ৰেমে’ বিপদ মাতিলে ডেৰ বছৰীয়া সন্তানৰ মাতৃলৈ

প্ৰেমিকৰ বোলে অইলত চাকৰি! ‘ফেচবুক প্ৰেমে’ বিপদ মাতিলে ডেৰ বছৰীয়া সন্তানৰ মাতৃলৈ

News18 Assam | News18-Assam
Updated:July 24, 2020, 12:48 PM IST
প্ৰেমিকৰ বোলে অইলত চাকৰি! ‘ফেচবুক প্ৰেমে’ বিপদ মাতিলে ডেৰ বছৰীয়া সন্তানৰ মাতৃলৈ
প্ৰেমিকৰ বোলে অইলত চাকৰি গতিকে, একেবাৰে সন্তানকে এৰি থৈ গুচি আহিল ডেৰ বছৰীয়া সন্তানৰ মাতৃ।

প্ৰেমিকৰ বোলে অইলত চাকৰি গতিকে, একেবাৰে সন্তানকে এৰি থৈ গুচি আহিল ডেৰ বছৰীয়া সন্তানৰ মাতৃ।

  • Share this:
ফেচবুকত প্ৰেমত পৰি বিপদত পৰিল এগৰাকী বিবাহিত মহিলা। প্ৰেমিকৰ বোলে অইলত চাকৰি গতিকে, একেবাৰে সন্তানকে এৰি থৈ গুচি আহিল ডেৰ বছৰীয়া সন্তানৰ মাতৃ। পিছে প্ৰকৃত ঘটনাটো কি? জানো আহক...

ফেচবুকত নিজৰ পৰিচয় গোপনে ৰাখি, নিজকে অইলত চাকৰি কৰা বুলি জহাই ধেমাজিৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে চিনাকী হৈছিল সোণাৰিৰ ৰাজদ্বীপ ওৰফে লক্ষী গগৈ। চিনাকীৰ পিছত বন্ধুত্ব আৰু শেষত প্ৰেম... এনেদৰে ডেৰ মাহ ধৰি চলি থাকিল দুয়োৰে মাজত কথা বতৰা। আৰু এদিন দুয়োৱে সংসাৰ কৰাৰ সপোন দেখিলে!

ডেৰমহীয়া ফেচবুক প্ৰেমৰ অন্তত যোৱা ২১ জুলাইত ল’ক ডাউনৰ মাজতে দুয়ো মিলিত হয় মৰাণ চাৰিআলিত ৷  ঘৰৰ পৰা বেংকলৈ যোৱা বুলি ওলাই অহা ডেৰ বছৰীয়া সন্তানৰ মাতৃগৰাকীয়ে  মৰাণ চাৰি আলিৰ পৰাই পলাই যায় লক্ষীৰ লগত।



পলোৱাই নিয়াৰ পিছতে ওলাই পৰিল উৰহী গছৰ ওৰ। পৰকীয়া প্ৰেমিক লক্ষী অইলৰ নহয়, এখন হাৰ্ডৱেৰ দোকানৰহে কৰ্মচাৰী। পিছত দুয়োকে সোণাৰি চাপৰি আৰক্ষীয়ে গেপ্তাৰ কৰি পৰিয়ালৰ সন্মতি সাপেক্ষে স্বাস্থ্য পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়ে ৷
Published by: Himangshu Bhuyan
First published: July 24, 2020, 12:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি