உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিহু উপলক্ষে ৰঙিয়াত আৰম্ভ হৈছে এখন বিশেষ বজাৰ, য’ত সকলো বিক্ৰেতা মহিলা

    বিহু উপলক্ষে ৰঙিয়াত আৰম্ভ হৈছে এখন বিশেষ বজাৰ, য’ত সকলো বিক্ৰেতা মহিলা

    বৈদ‍্যগড় পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা বজাৰখন আগন্তুক দিনত সপ্তাহত এদিনকৈ বহিব বুলি জানিবলৈ দিয়ে বিক্ৰেতাসকলে।

    • Share this:
      বিহু উপলক্ষে ৰঙিয়াত আৰম্ভ হৈছে এখন বিশেষ বজাৰ। এই বজাৰখনৰ সকলো বিক্ৰেতা হৈছে মহিলা। ঘৰতে উৎপাদন কৰা থলুৱা সামগ্ৰী গ্ৰাহকলৈ আগবঢ়োৱা এই বজাৰখন প্ৰায় এবছৰ পূৰ্বে আৰম্ভ হৈছিল যদিও লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল। কিন্তু ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ মহিলাসকলে আৰম্ভ কৰিছে এই বজাৰখন।

      বৈদ‍্যগড় পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা বজাৰখন আগন্তুক দিনত সপ্তাহত এদিনকৈ বহিব বুলি জানিবলৈ দিয়ে বিক্ৰেতাসকলে। বজাৰখনত বৰ্তমান লাড়ু, পিঠা, দৈ, হাতে বোৱা কাপোৰ, ঊণৰ কাপোৰ, শাক–পাচলি আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ হৈছে। বজাৰখনত সামগ্ৰী বিক্ৰী কৰিবলৈ অহা সকলোখিনি মহিলা হৈছে প্ৰায় ছয়শ আত্মসহায়ক গোটৰ সদস্যা।
      Published by:Sanjay Kumar Das
      First published: