• Home
  • »
  • News
  • »
  • assam
  • »
  • লকডাউনত অকলে এটা ৰেডিঅ’ চেণ্টাৰ চলালে কোনে?

লকডাউনত অকলে এটা ৰেডিঅ’ চেণ্টাৰ চলালে কোনে?

১৯৯৬ চনৰ পৰা চিত্ৰ সাংবাদিক হিচাপে কাম কৰা মনোজ কুমাৰ ডেকাৰ অলেখ উল্লেখনীয় কাম আছে৷

১৯৯৬ চনৰ পৰা চিত্ৰ সাংবাদিক হিচাপে কাম কৰা মনোজ কুমাৰ ডেকাৰ অলেখ উল্লেখনীয় কাম আছে৷

১৯৯৬ চনৰ পৰা চিত্ৰ সাংবাদিক হিচাপে কাম কৰা মনোজ কুমাৰ ডেকাৰ অলেখ উল্লেখনীয় কাম আছে৷

  • Share this:
এমাহ চাৰি দিন৷ মুঠ ৩৪ দিন৷ অকলে এজন লোকে চলালে এটা সামূহিক অনাতাঁৰ কেন্দ্ৰ৷ নিজে কাৰ্যালয় চাফা কৰাৰ পৰা আৰম্ভ কৰি সকলো অনুষ্ঠান পৰিচালনা, পৰিবেশনো কৰে তেওঁ৷ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ লকডাউনৰ কালত চলালে ৰেডিঅ’ চেণ্টাৰটো৷ কোন তেওঁ?

মনোজ কুমাৰ ডেকা৷ জ্যেষ্ঠ আলোকচিত্ৰ সাংবাদিক৷ সৌ তাহানিৰ পৰা হাতত কেমেৰা লৈ ফটো সাংবাদিকতা কৰা ডেকা এতিয়া ব্যস্ত এজন জ্যেষ্ঠ ৰেডিঅ’ ঘোষক, প্ৰযোজক, পৰিচালক তথা পৰিৱেশক হিচাপে৷

কোৰোণা মহামাৰীৰ মহাসংক্ৰমণ সমগ্ৰ বিশ্বত চলাৰ সময়ত বিভিন্ন দেশে দিছিল লকডাউন৷ এইক্ষেত্ৰত ভাৰত এখোপ আগত৷ দেশজুৰি চলা এই লকডাউনৰ আৰম্ভণিৰ পৰা মনোজ কুমাৰ ডেকাই এক ৰেকৰ্ড গঢ়িলে৷ ডেকাই অকলে এটা ৰেডিঅ’ চেণ্টাৰ লকডাউনৰ ৩৪টা দিন চলালে৷

পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় মনোজ কুমাৰ ডেকাৰ ৰেডিঅ'ৰ আনুষ্ঠানিক কৰ্মসূচী৷ তাৰ পূৰ্বে কাৰ্যালয়ত উপস্থিত হৈ চাফা কৰে নিজৰ কাৰ্যালয়৷ সকলো ঠিক-ঠাক কৰি আৰম্ভ কৰে ৰেডিঅ'ৰ কাম৷



উত্তৰ-পূব ভাৰতৰ প্ৰথমটো সামূহিক এফ এম ৰেডিঅ’ চেণ্টাৰ এয়া৷ ফটোত দেখা এয়াই হ'ল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো তথা একমাত্ৰ সামূহিক এফ এম ৰেডিঅ’ ষ্টেচন৷ এই ৰেডিঅ’ চেণ্টাৰটোক বিগত লকডাউনৰ সময়ছোৱাত অকলে চলালে মনোজ কুমাৰ ডেকাই৷

বিশ্বত্ৰাস কোৰোণা মহামাৰীৰ বাবে ল'বলগীয়া সাৱধানতা, সজাগতা সন্দৰ্ভত তেওঁ পুৱা ৯ বজাৰ পৰা কৈ গ'ল৷ লকডাউনৰ কালছোৱাত গৃহবন্দী ৰাইজক শুনাই গ'ল পছন্দৰ গান৷ গৃহবন্দী শিশুৰ বাবে আগবঢ়ালে সাধুকথা, আবৃত্তি কৰিলে কবিতা-পদ্য৷ মুঠতে যাক যি লাগে- সকলোৰে মন পছন্দৰ খোৰাক জগালে তেওঁ৷

News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ ক'লে - “বিপদকালত আমি যৎপৰোনাস্তি ৰাইজৰ কাষত থাকিবলৈ চেষ্টা কৰিলোঁ৷ আমি কৃপণালি কৰা নাছিলোঁ৷ মহাব্যাধি কোৰোণাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া সজাগতাৰ পৰা আৰম্ভ কৰি শ্ৰোতাৰ পছন্দৰ গান, কবিতা, ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ অনুষ্ঠান পৰ্যন্ত আমি আগবঢ়াবলৈ চেষ্টা কৰিলোঁ৷”

১৯৯৬ চনৰ পৰা চিত্ৰ সাংবাদিক হিচাপে কাম কৰা মনোজ কুমাৰ ডেকাৰ অলেখ উল্লেখনীয় কাম আছে৷ কিন্তু ২০১০ চনৰ পৰা তেওঁ আৰম্ভ কৰিলে আন এক নতুন যাত্ৰা৷ এয়াই হ'ল- ৰেডিঅ'ক নতুনকৈ বুজাৰ, নতুনকৈ শিকাৰ যাত্ৰা৷ থমকি ৰোৱা নাই তেওঁ৷ ৰাইজৰ কাষলৈ ৰেডিঅ'ক নতুনকৈ নিয়াৰ বাবে ত্ৰুটি কৰা নাই৷ তাহানিৰ অনাতাঁৰ যন্ত্ৰক প্ৰাণ দিয়াই যেন তেওঁৰ নতুন সংকল্প৷

লকডাউনৰ সময়ছোৱাত তেওঁ আগবঢ়োৱা অনবদ্য অৱদান সন্দৰ্ভত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপ-সঞ্চালক ডঃ সংগীতা কাকতিয়ে স্বীকাৰ কৰিবলৈ বাধ্য হয়৷ ডঃ কাকতিয়ে News18ক ক'লে, “আমি এই লকডাউনৰ সময়ছোৱাত আমাৰ সামূহিক এফ এম ৰেডিঅ'ৰ কৰ্মসূচী বন্ধ কৰি ৰাখিব পাৰিলোহেঁতেন৷ কিন্তু মনোজ কুমাৰ ডেকাই ক'লে, এই বিপদকালত আমি ৰাইজৰ কাষত কিয় নাথাকোঁ? ৰাইজক সহযোগ কৰিব লাগে বুলি কোৱাৰ বাবেই আৰম্ভ হৈছিল লকডাউনত আমাৰ কাম৷ কাম কিন্তু অকলেই কৰিলে মনোজ কুমাৰ ডেকাই৷ সকলো কৃতিত্ব মনোজ কুমাৰ ডেকাৰেই৷ কাৰ্যালয়ৰ চাফাই কৰ্মীৰ পৰা ঘোষক, পৰিচালক, পৰিৱেশক, প্ৰযোজক তথা সঞ্চালক সকলো তেওঁ৷ অকলেই মনোজ কুমাৰ ডেকাই সকলো কাম কৰিলে৷”
First published: