টকাখিনি শ্ৰমিক হিচাপে কাম কৰাৰ সময়ত লাভ কৰা বুলি কৰিছে মন্তব্য।
টকাখিনি শ্ৰমিক হিচাপে কাম কৰাৰ সময়ত লাভ কৰা বুলি কৰিছে মন্তব্য।
হোজাইত নকল টকাৰে কাৰেণ্টৰ বিল দিব আহি থানাৰ আলহী হৈছে এজন লোক। জানিব পৰা মতে, হোজাইৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যলয়ত সংঘটিত হৈছে এই ঘটনাটো। দংকি গাঁওৰ ওছমান আলী নামৰ লোকজনে আজি বিয়লি বিদ্যুতৰ চাৰি হাজাৰ টকা বিল দিবলৈ উপস্থিত হয় বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত (Went to pay the electricity bill with fake notes)।
তেতিয়া লোকজনে তেওঁৰ চাৰি হাজাৰ টকাৰ বিলৰ ধন পৰিশোধ কৰাত দিয়া আটাইকেইটা ৫০০ টকীয়া নোট নকল বুলি কেছিয়াৰে গম পোৱাৰ পিছত কাৰ্যালয়টোত থকা নিৰাপত্তাৰক্ষীক অৱগত কৰাত নিৰাপত্তাৰক্ষীয়ে লোকজনক আটক কৰি হোজাই আৰক্ষীক (Hojai Police) গতাই দিয়ে।
সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা দংকি বস্তিৰ ওছমান আলীয়ে উক্ত টকাখিনি শ্ৰমিক হিচাপে কাম কৰাৰ সময়ত লাভ কৰা বুলি কৰিছে মন্তব্য।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|