পলাশবাৰীৰ উপাৰহালিত ৰাষ্ট্রীয় পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে এজন লোক। পলাশবাৰীৰ উপৰহালিস্থিত বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত এই অঘটন।
আজি ৰাতিপুৱা বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ কাৰ্যালয়ত উত্তোলন কৰিছিল পতাকা।আবেলি ৰাষ্ট্ৰীয় পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় জিতুমণি ঠাকুৰীয়া নামৰ যুৱকজন।
পতাকা উত্তোলনস্থলীৰ নিচেই কাষত আছিল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰবাহিত তাঁৰ। পতাকা উত্তোলন কৰা মাৰিডাল লোৰ হোৱা বাবে যুৱকজনে অকলে নোমোৱাৰ সময়ত তাৰ ভৰ ৰাখিব নোৱাৰিলে আৰু ওচৰেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি যুৱকজন ছিটিকি মাটিত পৰি যায়।
লোকজনক ততাতৈয়াকৈ প্ৰথমে মিৰ্জা মেডিকেল তাৰ পিছত নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জিতুমণি ঠাকুৰীয়াই পত্নী আৰু দুগৰাকীকৈ কনমানি সন্তানক এৰি থৈ যায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|