• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটৰ পুলিবৰত খোজকাঢ়ি গৈ থকা লোকক মহতিয়াই নিলে এখন গাড়ীয়ে

যোৰহাটৰ পুলিবৰত খোজকাঢ়ি গৈ থকা লোকক মহতিয়াই নিলে এখন গাড়ীয়ে

যোৰহাট অভিমুখী এখন অচিনাক্ত গাড়ীৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈ এজন ব্যক্তি নিহত হয়

যোৰহাট অভিমুখী এখন অচিনাক্ত গাড়ীৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈ এজন ব্যক্তি নিহত হয়

যোৰহাট অভিমুখী এখন অচিনাক্ত গাড়ীৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈ এজন ব্যক্তি নিহত হয়

  • Share this:
যোৰহাটৰ পুলিবৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । যোৰহাট অভিমুখী এখন অচিনাক্ত গাড়ীৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈ এজন ব্যক্তি নিহত হয় । উক্ত ঘটনাত নিহত হোৱো ব্যক্তিজনক গজেন ভট্ট বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ঘটনাস্থলীৰ সমীপৰে ১ নং লখিমী নগৰৰ পৰা খোজকাঢ়ি ৰাজপথলৈ ওলাই যোৱা ব্যক্তিজনক হঠাতে অহা এখন দ্ৰুতবেগী গাড়ীয়ে খুন্দিয়াই পলায়ন কৰে। উক্ত ঘটনাস্থলীতে মৃত্যু হয় ষাঠিৰ উৰ্ধ ব্যক্তিজনৰ ।

ব্যক্তিগৰাকীয়ে চাৰিলেনযুক্ত ৰাজপথটো পাৰ হওঁতে দ্ৰুতবেগী গাড়ীখনে খুন্দিয়াই থৈ যায় বুলি সন্দেহ কৰা হৈছে । গাড়ীখনৰ সন্ধান বৰ্তমান পৰ্যন্ত ওলোৱা নাই যদিও আৰক্ষীয়ে ইয়াৰ সন্ধান অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় ঘাইপথত খোজকাঢ়ি গৈ থকা এজন লোকে গাড়ীৰ খুন্দাত অকাল মৃত্যুক আকোৱালি লব লগা হোৱা ঘটনাই জনসাধাৰণক সচকিত কৰি তুলিছে ।
Published by:Sanjay Kumar Das
First published: