কামপুৰত উপস্থিত হৈ বানবিধ্বস্ত কামপুৰৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন কৰিলে সুদূৰ ইজৰাইলৰ এজন গৱেষকে। উত্তৰ-পূবৰ বেচৰকাৰী সংস্থা NEADS ৰ লগতে EUREKA সমাজে তেওঁক সংগ দিয়ে।
কামপুৰৰ বিভিন্ন প্ৰান্তৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ খোজ কাঢ়ি গৈ পৰ্যবেক্ষণ কৰে বানৰ পিছৰ মৰ্মান্তিক দৃশ্যবোৰ ৷ সকলো দৃশ্যবন্দী কৰে ইজৰাইলৰ Anton Triz নামৰ লোকজনে নিজৰ মবাইলত ৷ ইজৰাইলী লোকজনে নিজাববীয়াকৈ বানবিধ্বস্ত অঞ্চলসমূহত চলাইছে জৰীপ (Israeli national visits Kampur flood) ৷
এণ্টন ট্ৰিজে বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশা দেখি পাৰ্যমানে সহায় কৰাৰ চেষ্টা কৰিব বুলি কোৱাৰ লগতে NEADSৰ কৰ্মকৰ্তাসকলেও বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে ।
Published by: Gautam Barman
FIRST PUBLISHED : June 04, 2022, 23:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।