১৪ বছৰৰ মূৰত আপোন ঘৰলৈ উভতিল ‘ৰাম’, পিছে কোন এই ৰাম?

১৪ বছৰপূৰ্বে কোনো অজ্ঞাত কাৰণত বিহাৰৰ নিজ ঘৰৰ পৰা হেৰাই গৈছিল মনোজ কুমাৰ ৰাম নামৰ লোকজন।
১৪ বছৰপূৰ্বে কোনো অজ্ঞাত কাৰণত বিহাৰৰ নিজ ঘৰৰ পৰা হেৰাই গৈছিল মনোজ কুমাৰ ৰাম নামৰ লোকজন।
- News18 Assam
- Last Updated: May 31, 2020, 4:53 PM IST
বিগত ইমান বছৰে অনাই–বনাই ঘূৰি ঘূৰি কিছু পৰিমাণে মানসিকভাৱে অসুস্থ হৈ পৰিছিল লোকজন। লকডাউনৰ মাজতে ধুবুৰী চহৰৰ ৰাজপথত নিশা এজন ব্যক্তি অনাই বনাই ঘূৰি থকা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। মানুহজনক সোধা–পোছা কৰাত আৰক্ষীয়ে বুজিব পাৰে যে তেওঁ আলপ মানসিক অসুস্থ।
ইয়াৰ মাজতে ধুবুৰী চহৰৰে মহেশ ভকত নামৰ লোক এজনে সমাজ কল্যাণ বিভাগৰ সহায়ত লোকজনৰ লগত কথা পাতি থাকোতে তেওঁৰ প্ৰকৃত পৰিচয় উদ্ধাৰ হয়। পিছত সমাজ কল্যাণ বিভাগৰ হোমলেছ মেন হোমত ৰাখি কেইদিনমানৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰা হয়।
উক্ত প্ৰসাশনিক প্ৰচেষ্টাতে দেওবাৰে এখন সৰু গাড়ীৰে ১৪ বছৰৰ অজ্ঞাতবাসৰ পিছত ৰামক স্বগৃহলৈ ওভতাই পঠাব পাৰি জিলা সমাজ কল্যাণ বিষয়া কিশোৰী বৰুৱাই স্বস্তিৰ নিশ্বাস পেলায়। কিন্তু ইমানৰ পিছতো মনোজ কুমাৰ ৰাম বিগত ১৪ বছৰে ক’ত আছিল অথবা কিয় সুস্থ সবল লোক এজন গৃহহীন হ’ব লগা হ'ল সেয়া ৰহস্য হৈ থাকিল।