চিলা বনাঞ্চলিক বিষয়া কাৰ্যালয়ে ম'হটি অনুসৰণ কৰিছিল যদিও ট্ৰেংকুলাইজ নকৰাত এই অঘটন
চিলা বনাঞ্চলিক বিষয়া কাৰ্যালয়ে ম'হটি অনুসৰণ কৰিছিল যদিও ট্ৰেংকুলাইজ নকৰাত এই অঘটন
উত্তৰ গুৱাহাটীত বনৰীয়া ম'হৰ আতংক। এটা আঘাতপ্ৰাপ্ত বনৰীয়া ম'হ উত্তৰ গুৱাহাটী নগৰত ঘূৰি ফুৰাত আতংকময় পৰিৱেশ বিৰাজ কৰে অঞ্চলটোত। ম'হৰ আক্ৰমণত এগৰাকী পথাচাৰীও আঘাটপ্ৰাপ্ত হয়।
ম'হটোৰ এখন ঠেঙত আঘাতৰ চিন প্ৰত্যক্ষ হোৱাত এয়া পথাৰৰ শস্য অনিষ্ট কৰাৰ বাবে কোনোৱে দাৰে ভৰি কটাৰ সন্দেহ কৰা হৈছে। দীৰ্ঘেশ্বৰী বালি চাপৰিৰ পৰা নগৰৰ দিশে ম'হটো ওলাই অহা বুলি জানিব পৰা গৈছে।
চিলা বনাঞ্চলিক বিষয়া কাৰ্যালয়ে ম'হটি অনুসৰণ কৰিছিল যদিও ট্ৰেংকুলাইজ কৰি চিকিৎসা কৰাৰ ব্যৱস্থা নকৰাত ৰাইজৰ মাজত ক্ষোভৰ উদগীৰণ হয়। ভৰিৰ পৰা ৰক্তক্ষৰণ হৈ থকা ম'হটো মাজগাঁৱৰ পথৰ দাঁতিত ৰৈ থকাত আমিনগাঁও অভিমুখী লোকসকল ভীতিগ্ৰস্ত হৈ পৰে । বাহন এৰি সকলোৱে প্ৰাণ বচোৱাৰ বাবে পলায়ন কৰে।
মাজগাঁও পথৰ দাঁতিত থকা ম'হটোৱে যিকোনো সময়তে পথচাৰীৰ অনিষ্ট কৰাৰ আশংকা কৰা হৈছে। ইফালে উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ আহত মিঠু গগৈক সংকটজনক অৱস্থাত তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমানলৈ আহত মিঠু ওৰফে উৎপল সংকটজনক অৱস্থাত চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে।
ম'হৰ আতংক আৰু ৰাইজৰ ক্ষোভৰ মাতে অৱশেষত কামৰূপ বন বিভাগৰ এটি বৃহৎ দল উপস্থিত হৈ ম'হটো ট্ৰেংকুলাইজ কৰে আৰু ভৰিৰ চিকিৎসা কৰি সুস্থ হ'লে বনত এৰি দিয়াৰ কথা ব্যক্ত কৰে ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|