
তিতাবৰ বোকাহোলাৰ পৰা এজন যুৱকক বলপূৰ্বক ভাবে গাড়ীত লৈ আনিছিল যুৱকৰ দলটোৱে।
তিতাবৰ বোকাহোলাৰ পৰা এজন যুৱকক বলপূৰ্বক ভাবে গাড়ীত লৈ আনিছিল যুৱকৰ দলটোৱে।
শুক্ৰবাৰে নিশা যোৰহাটত এক ৰহস্যজনক অপহৰণ কাণ্ড সংঘটিত হয়। অভিযোগ অনুসৰি তিতাবৰ বোকাহোলাৰ পৰা এখন গাড়ীত চাৰিজন যুৱকে অপহৰণ কৰি আনিছিল মহম্মদ আৰিফ নামৰ এজন যুৱকক। আৰিফে এখন কাঠৰ আচবাব নিৰ্মাণ কৰা দোকানত কাম কৰিছিল। সন্ধিয়া বজাৰ কৰিবলৈ অহাৰ সময়তে যুৱকৰ দলটোৱে বলপূৰ্বকভাবে আৰিফক গাড়ীত উঠাই লৈ আনে বুলি জানিব পৰা গৈছে।
অৱশ্যে স্থানীয় লোকৰ পৰা ঘটনাৰ সম্ভেদ লাভ কৰি তৎপৰ হৈ পৰে যোৰহাট আৰক্ষী। যাৰ পৰিপ্ৰেক্ষিতত চিনামৰা আৰক্ষীয়ে গড়আলিত গাড়ীসহ আটক কৰে চাৰিজন যুৱকক। আৰক্ষীয়ে যুৱকৰ দলটোৰ পৰা উদ্ধাৰ কৰে মহম্মদ আৰিফক। উল্লেখ্য যে, আৰিফে শিৱসাগৰৰ মুন বৰবৰা নামৰ এজন যুৱকক প্ৰায় ১২ হাজাৰ টকা দিবলৈ আছিল। উক্ত ধনৰ বাবেই এখন কাঠৰ ফাৰ্নিছাৰৰ দোকানত কাম কৰা আৰিফক বোকাহোলাৰ পৰা যুৱকৰ দলটোৱে বলপূৰ্বকভাবে গাড়ীত লৈ অনা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে। চিনামৰা আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই AS 01 AQ 6601 নম্বৰৰ এখন টিয়াগো গাড়ী জব্দ কৰাৰ লগতে শিৱসাগৰৰ তিনিজন আৰু তিনিচুকীয়াৰ এজন যুৱকক আটক কৰিছে। আৰক্ষীয়ে শিৱসাগৰ ডিমৌৰ মুন বৰবৰা , জাঁজীৰ পল বৰা , শিৱসাগৰ বলিয়াঘাটৰ মতলিব আহমেদ আৰু তিনিচুকীয়াৰ ঋষি হাজৰিকাক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। অৱশ্যে ধনৰ লেনদেনৰ লগতে এই ঘটনাৰ লগত আন কিবা দিশ জড়িত আছে নেকি তাৰ সকলো ৰহস্য আৰক্ষীৰ তদন্তৰ পিছতহে ফাদিল হ'ব।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|