
প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আৱদ্ধ কৰি অন্তিম বিদায় জনাই প্ৰাৰ্থনাৰ প্ৰেমাস্পদ তথা মৰিগাঁওৰ যুৱক বিতোপন তামুলীয়ে
প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আৱদ্ধ কৰি অন্তিম বিদায় জনাই প্ৰাৰ্থনাৰ প্ৰেমাস্পদ তথা মৰিগাঁওৰ যুৱক বিতোপন তামুলীয়ে
![]()
প্ৰাৰ্থনা বৰা আৰু বিতোপনৰ প্ৰেম কাহিনী গভীৰ আছিল। কিন্তু নিষ্ঠুৰ নিয়তিয়ে সেয়া হ’বলৈ নিদিলে। বহু আশা বুকুত বান্ধিয়ে অজান মুলুকলৈ গুচি গ’ল প্ৰাৰ্থনা।
![]()
প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আৱদ্ধ কৰি অন্তিম বিদায় জনাই প্ৰাৰ্থনাৰ প্ৰেমাস্পদ তথা মৰিগাঁওৰ যুৱক বিতোপন তামুলীয়ে। বিতোপনে মৃত প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ প্ৰেমিকাৰ মৃতদেহৰ কপালত ৰঙা সেন্দুৰ দি মালা পিন্ধাই নিজেও মালা বৰণ কৰিছিল।
![]()
প্ৰায় ৭ বছৰ ধৰি ভালপোৱা বিতোপন আৰু প্ৰাৰ্থনাই ২০২০ চনত আইনী পদ্ধতিৰে বিবাহপাশত আবদ্ধ হৈছিল। আগন্তুক বহাগত দুয়োৰে ধৰ্মীয় ৰীতি–নীতিৰে বিবাহ হোৱাৰ কথা ঠিক হৈছিল।
![]()
সকলো আশা যেন চিৰদিনৰ বাবে শেষ হৈ গ’ল। চাপৰমুখ কচুৱাৰ যুৱতী প্ৰাৰ্থনা বৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে প্ৰাৰ্থনাই চিৰদিনৰ বাবে এই সংসাৰৰ পৰা বিদায় ল’লে। আধৰুৱা সপোনবোৰ বুকুত বান্ধি কেতিয়াও ঘূৰি নহা পথেৰে গুচি গ’ল প্ৰাৰ্থনা।
![]()
প্ৰাৰ্থনাক মৃত্যুশয্যাত দেখি আবেগিক হৈ উঠিল বিতোপৰ। সপোনৰ ঘৰখন সাজিব বিচাৰিছিল যদিও আধাৰুৱা হৈ থাকিল সকলো। বিতোপনে এতিয়া আজন্ম প্ৰাৰ্থনাৰ প্ৰেমিক হৈ থাকিব বিচাৰে । লগতে বিতোপনে প্ৰাৰ্থনা আৰু তেওঁৰ প্ৰেমক স্বৰ্গীয় কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিলে।
![]()
চিনেমাযেন এই ঘটনাই সকলোকে আবেগিক কৰি তুলিছে। বিতোপনে সজতনে প্ৰাৰ্থনাৰ স্মৃতি জীয়াই ৰখাৰ চেষ্টা কৰাৰ ইচ্ছা। কিন্তু যদি সম্ভৱ তেন্তে প্ৰেয়সিক নিজৰ লগত লৈ যাবলৈ অনুৰোধ কৰে বিতোপনে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|