বৰদেউতাকৰ কামনাৰ বলি এগৰাকী কণমানি! চলাইছিল ধাৰাবাহিক যৌন নিৰ্যাতন!

সংবাদমেল পাতি ভয়ংকৰ অভিযোগ সাংবাদিক গৌতম শৰ্মাৰ। আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা।

News18-Assam
Updated:October 2, 2019, 4:07 PM IST
বৰদেউতাকৰ কামনাৰ বলি এগৰাকী কণমানি! চলাইছিল ধাৰাবাহিক যৌন নিৰ্যাতন!
সংবাদমেল পাতি ভয়ংকৰ অভিযোগ সাংবাদিক গৌতম শৰ্মাৰ। আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা।
News18-Assam
Updated: October 2, 2019, 4:07 PM IST
সাংস্কৃতিক নগৰী যোৰহাটক লজ্জানত কৰা এক ভয়ংকৰ অভিযোগ । এগৰাকী কণমানিক বৰদেউতাকে ধাৰাবাহিক যৌন নিৰ্যাতন চলাই শেষত মানসিক ৰোগী সজোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।

মংগলবাৰে সুস্মিতা বৰঠাকুৰ নামৰ এগৰাকী অধিবক্তাক লগত লৈ যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই ভয়ংকৰ অভিযোগ উত্থাপন কৰে সাংবাদিক গৌতম শৰ্মাই।

ঘটনা অনুসৰি যোৱা ২৬ আগষ্টত ঘটনা সন্দৰ্ভত অৱগত হৈছিল অধিবক্তা সুস্মিতা বৰঠাকুৰ। উক্ত দিনাই পৰিয়ালৰ লোকে ৯ বছৰীয়া কণমানিজনীক মানসিক ৰোগী সজাই ভৰ্তি কৰিছিল এখন চিকিৎসালয়ত। ঘটনা সন্দৰ্ভত ১০৯ ত ফোন কৰি আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়েও নল’লে কোনো ধৰণৰ ব্যৱস্থা। চিকিৎসকেও কণমানি জনীক মানসিক ৰোগী সজাই চলাইছিল মনোৰোগ চিকিৎসা! কিন্তু ঘটনাটো প্ৰকৃততে কি এতিয়াও সম্পূৰ্ণ ৰূপে ৰহস্যৰ আৱৰ্তত।

 দিগন্ত হাজৰিকাৰ প্ৰতিবেদন
আৰু চাওক পৰৱৰ্তী বাতৰি