মুখ্যপৃষ্ঠা »খবৰ »অসম »Borjhar AirPort : হঠাতে বৃহৎ আকাৰৰ গছ বাগৰি পৰিল গাড়ীত, বৰঝাৰ বিমানবন্দৰ চৌহদত হাহাকাৰ

Borjhar AirPort : হঠাতে বৃহৎ আকাৰৰ গছ বাগৰি পৰিল গাড়ীত, বৰঝাৰ বিমানবন্দৰ চৌহদত হাহাকাৰ

বিমানবন্দৰৰ টেক্সি চালকৰ দাবী ক্ষতিগ্ৰস্ত বাহনসমূহৰ ক্ষতিপূৰণ ভৰিব লাগিব বিমানবন্দৰ কৰ্তৃপক্ষই।

বিমানবন্দৰৰ টেক্সি চালকৰ দাবী ক্ষতিগ্ৰস্ত বাহনসমূহৰ ক্ষতিপূৰণ ভৰিব লাগিব বিমানবন্দৰ কৰ্তৃপক্ষই।

বিমানবন্দৰৰ টেক্সি চালকৰ দাবী ক্ষতিগ্ৰস্ত বাহনসমূহৰ ক্ষতিপূৰণ ভৰিব লাগিব বিমানবন্দৰ কৰ্তৃপক্ষই।

  • Share this:
বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অঘটন। মহানগৰীত হৈ থকা বৰষুণৰৰ বাবে বিমানবন্দৰৰ চৌহদত থকা বৃহৎ আকাৰৰ গছ বাগৰি পৰিল পাৰ্কিঙত থকা বহুকেইখন টেক্সি বাহনৰ ওপৰত (Borjhar Airport Guwahati )।

ফলত বাহনকেইখন ক্ষতিগ্ৰস্ত হৈছে যদিও সৌভাগ্যবশতঃ কোনো লোক আহত হোৱা নাই। এই আকস্মিক ঘটনাক লৈ টেক্সি চালক আৰু বিমান যাত্ৰীৰ মাজত হুৱাদুৱা লাগে।

অভিযোগ মতে, কিছুদিন পূৰ্বে আদানী গ্ৰুপে বিমানবন্দৰৰ আন্তঃগাঁথনিৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিমানবন্দৰৰ চৌহদৰ গছসমূহৰ ডাল আৰু শিপা কাটি পেলাইছিল, যাৰ বাবে আজি ৰাতিপুৱাৰ ভাগত হোৱা এজাক বৰষুণৰ বাবে বিমান বন্দৰৰ পাৰ্কিং এলেকাৰ বৃহৎ আকাৰ গছ এডাল বাগৰি ক্ষতি কৰে বহুকেইখন বাহনৰ।

বিমানবন্দৰৰ টেক্সি চালকৰ দাবী ক্ষতিগ্ৰস্ত বাহনসমূহৰ ক্ষতিপূৰণ ভৰিব লাগিব বিমানবন্দৰ কৰ্তৃপক্ষই। তেওঁলোকৰ মতে, বিমানবন্দৰৰ দায়িত্বত থকা আদানী গ্রুপৰ ভুলৰ বাবে এনেকৈ গছ বাগৰি ক্ষতি কৰিছে উক্ত বাহনসমূহৰ।

শেহতীয়া বাতৰি