
গুৱাহাটীৰ পৰা আগৰতলাৰ যোৱাৰ পথত এখন ট্ৰাকত কৰিমগঞ্জৰ চূড়াইবাড়ি আৰক্ষীৰ নিয়মীয়া তালাচিত ১,৯৯০ বটল নিষিদ্ধ ফেঞ্চিডাইল চিৰাপ জব্দ হয়।
গুৱাহাটীৰ পৰা আগৰতলাৰ যোৱাৰ পথত এখন ট্ৰাকত কৰিমগঞ্জৰ চূড়াইবাড়ি আৰক্ষীৰ নিয়মীয়া তালাচিত ১,৯৯০ বটল নিষিদ্ধ ফেঞ্চিডাইল চিৰাপ জব্দ হয়।
কৰিমগঞ্জৰ অসম–ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত বুজন পৰিমাণ নিচা জাতীয় কফ চিৰাপ জব্দ কৰা হয়। জব্দকৃত কফ চিৰাপৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, শনিবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা আগৰতলাৰ যোৱাৰ পথত এখন ট্ৰাকত কৰিমগঞ্জৰ চূড়াইবাড়ি আৰক্ষীৰ নিয়মীয়া তালাচিত ১,৯৯০ বটল নিষিদ্ধ ফেঞ্চিডাইল চিৰাপ জব্দ হয়। গুৱাহাটীৰ পৰা আগৰতলালৈ নিচা জাতীয় কফ চিৰাপখিনি AS01HC-6669 নম্বৰৰ এখন ছয় চকীয়া ওম লজিষ্টিকৰ গাড়ীত পাপৰৰ কাৰ্টুনৰ ভিতৰত লুকুৱাই নিয়া হৈছিল। ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু সহচালকক আটক কৰা হৈছে। আটকাধীন ব্যক্তি দুজনক আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।
আনহাতে, বিএছএফ আৰু জিআৰপিৰ যৌথ অভিযানত আগৰতলা বেংগালুৰু হামছফৰ ৰে’লেৰে যাত্ৰাৰ পূৰ্বে ড্ৰাগছসহ দুজন চোৰাং ব্যবসায়ীক গ্ৰেপ্তাৰ কৰা হয়। শনিবাৰে বিয়লি বিএছএফ বাহিনীয়ে এক গোপন সূত্ৰৰ পম খেদি বদৰপুৰ ৰে’ল ষ্টেচন হৈ বাংগালুৰুলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ খবৰ পাই অভিযানটি চলায়। বিএছএফ আৰু ৰে’ল আৰক্ষীৰ যৌথ অভিযানত বদৰপুৰ ৰে’ল ষ্টেচনত ৯টা চাবোনৰ বাকচত থকা ১১৫ গ্ৰাম হেৰ'ইন ড্ৰাগছ জব্দ কৰা হয়। ইয়াৰ বজাৰমূল্য ৫০ লাখতকৈও অধিক বুলি জানিব পৰা গৈছে। বিএছএফ আৰু ৰে’লৱে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ কৰা দুজন ব্যক্তিক হামছফৰ ৰে’ল অহাৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|