মুখ্যপৃষ্ঠা »খবৰ »অসম »NRCৰ পুনৰীক্ষণ নামত লক্ষাধিক টকা ব্যয় কৰিলে মহৰেছ আলীৰ প্ৰায় ১০০জনীয়া পৰিয়ালে!

NRCৰ পুনৰীক্ষণ নামত লক্ষাধিক টকা ব্যয় কৰিলে মহৰেছ আলীৰ প্ৰায় ১০০জনীয়া পৰিয়ালে!

 গোহালিৰ গৰু, মাটি বিক্ৰী কৰি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ এতিয়া চেষ্টা অব্যাহত ৰাখিছে পৰিয়ালটোৱে!

গোহালিৰ গৰু, মাটি বিক্ৰী কৰি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ এতিয়া চেষ্টা অব্যাহত ৰাখিছে পৰিয়ালটোৱে!

গোহালিৰ গৰু, মাটি বিক্ৰী কৰি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ এতিয়া চেষ্টা অব্যাহত ৰাখিছে পৰিয়ালটোৱে!

  • Share this:
    ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ পুনিৰীক্ষন নামত লক্ষাধিক টকা ব্যয় কৰি সম্পূৰ্ণৰূপে জুৰুলা এটা পৰিয়াল। বৰ্তমানলৈকে আঠবৰকৈ বিভিন্ন সেৱা কেন্দ্ৰত হাজিৰ হৈছে পৰিয়ালটো। প্ৰায় ১০০ জনীয়া সদস্যৰ পৰিয়ালটো পুনৰীক্ষণৰ বাবে বাছ লৈ যাব লাগে সেৱা কেন্দ্ৰ সমূহলৈ। গোহালিৰ গৰু, মাটি বিক্ৰী কৰি নাগৰিক পঞ্জিত নাম অন্তৰ্ভুক্ত কৰাৰ সংগ্ৰাম অব্যহত ৰাখিছে পৰিয়ালটোৱে।

    ৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ সম্পূৰ্ণ খচৰা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত সেৱা কেন্দ্ৰ সমূহত পুনৰীক্ষণৰ বাবে ভিৰ কৰিছে বৃহৎ সংখ্যক লোকে। এফালে গেলা গৰম আৰু আনফালে পুনৰীক্ষণৰ বাবে ২৪ ঘণ্টাতকৈও কম সময়ৰ জাননীয়ে অস্বস্তিত পেলাইছে বহু লোকক। ওদালগুৰি জিলাৰ মহৰেছ আলীৰ প্রায় ১০০ জনীয়া বৃহৎ পৰিয়ালক বুধবাৰে আবেলি ৪ বজাত এন আৰ চি কৰ্তৃপক্ষৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হয় বৃহস্পতিবাৰে গুৱাহাটীত পুনৰীক্ষণৰ বাবে উপস্থিত হলগৈ।

    ইতিমধ্যে সাতবৰকৈ বিভিন্ন স্থান পুনৰীক্ষণৰ বাবে সেৱা কেন্দ্ৰ সমূহত উপস্থিত হোৱা পিছত বৃহস্পতিবাৰে নিজৰ বৃহৎ পৰিয়াল সহ এখন বাছেৰে মহৰেছ আলী উপস্থিত হয় গুৱাহাটীৰ চান্দমাৰীস্থিত এটা সেৱা কেন্দ্ৰত। নাগৰিক পঞ্জিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সাতবৰকৈ পুনিৰীক্ষন বাবে বিভিন্ন সেৱা কেন্দ্ৰ সমূহত উপস্থিত হোৱাৰ বাবে লক্ষাধিক থকা ব্যয় কৰিছে এই বৃহৎ পৰিয়ালটো। পৰিয়ালৰ সদস্য অধিক হোৱাৰ বাবে প্ৰতিবাৰে একোখন বাছ ভাড়াত নিব লাগে পৰিয়ালটো। এতিয়া গোহালিৰ গৰু আৰু মাটি বিক্ৰী কৰি এই পৰিয়ালটো অব্যহত ৰাখিছে নাগৰিক পঞ্জিত নাম সন্নিবিষ্ট কৰাৰ চেষ্টা।

    এফালে টকাৰ ব্যয় আনফালে গেলা গৰমত পৰিয়ালটোৰ মহিলা সদস্য সকল, কণ কণ শিশুক লৈ এটাৰ পিছত আনটো জিলাৰ এন আৰ চি সেৱা কেন্দ্ৰ সমূহত ঘূৰি ফুৰিবলৈ বাধ্য হৈছে। বুধবাৰে পুনৰীক্ষণৰ জাননী পাই বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হোৱা এই পৰিয়ালটোৰ মহিলা সদস্যা সকল ইমান কম সময়ৰ জাননী দিয়াৰ বাবে ক্ষোভিত হৈ পৰে।

    ওদালগুৰি জিলাৰ লাওডং গাঁৱৰ সাহাবুদ্দিন আহমেদৰ পাঁচ গৰাকী পত্নীৰ ২৬ গৰাকী সন্তানৰ লৰা-ছোৱালীৰে এই পৰিয়ালটোৰ বৰ্তমান আছে প্ৰায় ১০০ গৰাকী সদস্য। পৰিয়ালটোৱে ছাহাবুদ্দিন আহমেদৰ ১৯৬৬ চনৰ ৩৭০৪০১৩৮৬১৮ নম্বৰৰ লিগেছী ডাটা ব্যৱহাৰ কৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাইছিল।

    শেহতীয়া বাতৰি