உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সাৱধান! দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য মিহলি কৰা চকলেট খোৱাই অপহৰণ কৰিছে কণমানি শিশু! জাগীৰোডত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা...

    সাৱধান! দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য মিহলি কৰা চকলেট খোৱাই অপহৰণ কৰিছে কণমানি শিশু! জাগীৰোডত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা...

    • Share this:
    সাৱধান হওক ! আপোনাৰ চৌপাশে ঘূৰি-ফুৰিব পাৰে অপহৰণকাৰী ৷ যেন অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে জাগীৰোড ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰৰ পিছতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা ৷ অপৰাধজনিত খবৰেৰে দৈনিক সংবাদ শিৰোনাম দখল কৰি অহা জাগীৰোডত এইবাৰ শিশু অপহৰণৰ ঘটনা ৷ অপহৰণকাৰীৰ কবলৰ পৰা কথমপি ৰক্ষা পৰিল জাগীৰোডৰ এটি ১০ বছৰীয়া কণমানি ৷

    ঘটনা অনুসৰি জাগীৰোডৰ কনাবড়ী গাঁৱৰ ১০ বছৰীয়া এটি কন্যা শিশুক অপহৰণ কৰি লৈ যায় কোনো দুৰ্বৃত্তই ৷ টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথত পূৰ্বৰে পৰা খাপ পিটি থকা এজন অচিনাকি যুৱকে কণমানিজনীক খোৱাই দিয়ে এটা চকলেট ৷ আৰু তাৰ পিছতে মানসিক ভাৰসাম্য হেৰুৱাই পেলাই কণমানিজনীয়ে ৷ পিছত শিশুটিক অনাথ আৰু হায়দৰাবাদৰ অনাথ আশ্ৰমত থাকে বুলি ক'বলৈ শিকাই দিয়ে। আৰু আশ্বৰ্যজনক ভাবে তেনেদৰেই ক'বলৈ লয় শিশুটিয়ে।

    জাগীৰোডৰ ৰে'ল ষ্টেচনত শিশুটিয়ে যদিও তেনেদৰে কয়, তথাপিও চাল-চলনত সন্দেহ ওপজে একাংশ লোকৰ। আৰু স্থানীয় কেইজনমান যুৱকে সোধা-পোছা কৰি গটাই দিয়ে ৰে'ল আৰক্ষীক।

    ইফালে টিউচনৰ পৰা শিশুটি ঘৰ আহি নোপোৱাত হুৱাদুৱা লাগে পৰিয়ালৰ লোকৰ মাজত ৷ ইতিমধ্যে জাগীৰোড ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰা শিশুটিক প্ৰেৰণ কৰে চাপাৰমুখ ৰে'ল আৰক্ষীলৈ ৷ আৰু চাপাৰমুখ ৰে'ল আৰক্ষীয়ে নগাঁৱৰ শিশুগৃহলৈ প্ৰেৰণ কৰে শিশুটিক ৷ নিৰুদ্দিষ্ট শিশুটিক বিচাৰি ৰে'ল ষ্টেচনলৈ যোৱাৰ পিছতে পৰিয়ালৰ লোকে অৱগত হয় সমগ্ৰ ঘটনাৰ বিষয়ে।

    অৱশেষত চাপাৰমুখ ৰে'ল আৰক্ষী সহযোগত নগাঁৱৰ শিশুগৃহৰ পৰা পৰিয়ালৰ লোকে চমজি লয় ১০ বছৰীয়া কন্যা শিশুটিক ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে জাগীৰোড আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

    কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা জাগীৰোড ৰে'ল ষ্টেচনত নাই কোনো চিচিটিভি কেমেৰাৰ ব্যৱস্থা ৷ এই ব্যৱস্থা থাকিলে হয়তো অপহৰণকাৰীক সহজেই কৰায়ত্ত কৰিবলৈ সক্ষম হ’লহেতেন আৰক্ষী ৷
    Published by:Himangshu Bhuyan
    First published: