কহিনুৰ থিয়েটাৰত অঘটন, নাটকৰ আখৰাৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ শিল্পীৰ মৃত্যু

বিগত 32 বছৰে শিল্পীগৰাকী ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত হৈ আছিল

News18-Assam
Updated:August 27, 2019, 12:48 PM IST
কহিনুৰ থিয়েটাৰত অঘটন, নাটকৰ আখৰাৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ শিল্পীৰ মৃত্যু
বিগত 32 বছৰে শিল্পীগৰাকী ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত হৈ আছিল
News18-Assam
Updated: August 27, 2019, 12:48 PM IST
সোমবাৰে নিশা কহিনুৰ থিয়েটাৰৰ মঞ্চত  সংঘটিত হয় এক অঘটন। নিশা চলিত নাট্য বৰ্ষৰ বাবে নাট্যদলটোৱে পাঠশালাত নাটকৰ আখৰা কৰি থকাৰ মাজতে  বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী পোঁহৰ শিল্পীৰ মৃত্যু হয়। মৃত শিল্পী গৰাকীৰ নাম দেবেন ৰয়। বিগত ৩২ বছৰে তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰত পোহৰৰ শিল্পী হিচাপে কাম কৰি আছিল।

পাঠশালাত কহিনুৰৰ থিয়েটাৰে সোমবাৰে প্ৰথম দৰ্শনীৰ নাট প্ৰদৰ্শন সমাপ্ত কৰি, দ্বিতীয় দৰ্শনীৰ বাবে কিছু কাৰিকৰী প্ৰস্তুতি চলাই থকাৰ সময়তে  সংঘটিত হয় আকস্মিক দুৰ্ঘটনাটো। বিদ্যুৎস্পৃষ্ট হৈ দেবেন ৰয় মঞ্চত ঢলি পৰে, পিছত অন্য শিল্পী সকলৰ সহযোগত কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে শিল্পীজনক চিকিৎসালয়ত ভৰ্তি কৰে যদিও, চিকিৎসকে মৃত ঘোষণা কৰে।

ভ্ৰাম্যমাণ থিয়েটাৰৰ জ্যেষ্ঠ শিল্পীজনৰ মৃত্যুত এতিয়া সমগ্ৰ পাঠশালাতে গভীৰ শোকৰ ছাঁ পৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি