চৰকাৰৰ এটা বিশেষ বিভাগৰ নিযুক্তি পত্ৰ লাভ কৰিলে যোৰহাটৰ এজন যুৱকে। কিন্তু এই বিভাগটোত চাকৰিৰ বাবে যুৱকজনে কোনো আবেদন কৰা নাছিল। আনকি তেওঁ কোনো মৌখিক বা লিখিত পৰীক্ষাও দিয়া নাছিল। তথাপিও হঠাৎ চৰকাৰী ডাক বিভাগৰ যোগেদি তেওঁলৈ চৰকাৰী চাকৰিৰ জইনিং লেটাৰ আহিল। চৰকাৰী ছীল মোহৰ থকা এই জইনিং লেটাৰখন ভাৰতীয় ডাক সেৱাযোগে পশ্চিম যোৰহাটৰ বৃন্দাবন বৰাৰ নামত আহিছিল। চাকৰিৰ জইনিং লেটাৰখন পাই হতবাক হৈ পৰে বৃন্দাবন।
উল্লেখ্য যে, তেওঁ অসম চৰকাৰৰ পিয়ন আৰু ড্ৰাইভাৰৰ চাকৰিৰ বাবে আবেদন কৰিছিল যদিও সেই পৰীক্ষাত তেওঁ অকৃতকার্য হৈছিল বুলি জানিবলৈ দিছে।
বৃন্দাবন বৰাই এই জইনিং লেটাৰখন কোনো দুষ্ট চক্ৰই তেওঁৰ পৰা ধন লুটিবৰ বাবে প্ৰেৰণ কৰিছে বুলি সন্দেহ কৰিছে। কিয়নো পত্রখনত ১৪,৫০০ টকাৰ চিকিউৰিটি ফিজ জমা দিবলৈ লিখা আছিল। নিযুক্তি পত্রখনত এই ফিজ ৰিফাণ্ডেবল বুলিও লিখা আছিল। এই সমগ্ৰ ঘটনাক লৈ যুৱকজনে উদ্বিগ্নতা প্ৰকাশ কৰিছে। অসম চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰা পোষ্টৰ বিষয়ে দুষ্ট চক্ৰই কেনেদৰে জানিব পাৰিলে তাক লৈয়ো সন্দিহান হৈ পৰিছে বৃন্দাবন। তদুপৰি চিঠি আহিব পৰাকৈ তেওঁৰ ঠিকনা দুষ্ট চক্ৰৰ হাতত কেনেদৰে পৰিল তাক লৈয়ো আশ্চর্য প্ৰকাশ কৰিছে যুৱকজনে।
যুৱকজনে এনে প্ৰবঞ্চক চক্ৰৰ প্ৰৱঞ্চনাৰ জালত নপৰিবৰ বাবে আন যুৱক- যুৱতীসকলকো সতৰ্ক কৰি দিছে। অসমৰ চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীসকলক বহিঃৰাজ্যৰ এক দুষ্টচক্ৰই প্ৰৱঞ্চনাৰ লক্ষ্য কৰি লোৱা বুলি সন্দেহ কৰা হৈছে।
- First Published :