বৰপেটাৰোডৰ কলহভাংগাত ভেকচিন কেন্দ্ৰ স্থাপন কৰি মাত্ৰ এদিন ভেকচিন প্ৰদান কৰাৰ পাছত উক্ত ভেকচিন কেন্দ্ৰটো বন্ধ কৰি দিয়াৰ প্ৰতিবাদত বৰপেটাৰোডত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ডি ৱাই এফ আই আৰু এছ এফ আইৰ যৌথ উদ্যোগত গঠিত স্বেচ্ছাসেৱী সংগঠন 'ৰেড ভলেণ্টিয়াৰ্ছ'ৰ কৰ্মকৰ্তাসকলে বৰপেটাৰোডৰ কলহভাংগা হাইস্কুলৰ সন্মুখত থকা ভেকচিনেচন কেন্দ্ৰত হাংগাৰ ষ্ট্ৰাইক কাৰ্যসূচী ৰূপায়ণ কৰে৷
কলহভাংগাস্থিত ভেকচিনেচন কেন্দ্ৰ বাতিল কৰা নচলিব, কলহভাংগাৰ এই ভেকচিনেচন কেন্দ্ৰ মুকলি নকৰালৈকে এই হাংগাৰ ষ্ট্ৰাইক কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ দি কয় যে কোৰোণাৰ এই জটিল সময়ত 'ৰেড ভলেন্টিয়াৰ্ছ'ৰ কৰ্মকৰ্তাসকলে চহৰখনৰ তিনি নম্বৰ ৱাৰ্ডৰ কোৰোণাত আক্ৰান্ত লোকসকলৰ ঘৰে ঘৰে গৈ সেই সকলৰ পৰিয়ালৰ লোকক ভৰণ–পোষণ কৰি আছে৷
চহৰখনৰ স্বেচ্ছাসেৱী সংগঠন ৰেড ভলেন্টিয়াৰ্ছৰ কৰ্মকৰ্তাসকলে বিগত দুমাহমানৰ পৰা অশেষ চেষ্টা কৰি দৰিদ্ৰ তথা নিপীড়িত লোকসকলে যাতে ভেকচিন লাভ কৰিব পাৰে, তাৰ বাবে কলহভাংগা হাইস্কুলত ভেকচিন কেন্দ্ৰ স্থাপন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত লাগি থাকি কেন্দ্ৰটোত ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে মাত্ৰ এদিন ভেকচিন প্ৰদান কৰিয়েই কেন্দ্ৰটো বন্ধ কৰি দিয়াত ক্ষোভিত হৈ পৰিছে চহৰখনৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মকৰ্তাসকলে৷ মূল্যবৃদ্ধিৰ ফলত দিশহাৰা হোৱা লোকসকলে কোৰোণা ভেকচিনৰ বাবে চহৰখনৰ দৰিদ্ৰ লোকসকলৰ লগতে বৃদ্ধ-বৃদ্ধা আৰু বিকলাংগসকলে শাৰী পাতি থাকে। কিন্তু চৰকাৰে ভেকচিন দিয়া নাই বুলিও অভিযোগ তুলিছে ৷
নিৰ্বাচনৰ সময়ত বৃদ্ধ-বৃদ্ধা লোকসকলৰ ঘৰে ঘৰে গৈ ভোট আদায় কৰা বিজেপি চৰকাৰে কিয় এই কোৰণাৰ সময়ত বৃদ্ধ-বৃদ্ধা লোকসকলৰ ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি চহৰখনৰ বৃদ্ধ-বৃদ্ধা আৰু বিকলাংগসকলক ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৰেড ভলেন্টিয়াৰ্ছৰ কৰ্মকৰ্তাসকলে ৷ তদুপৰি ভেকচিন কেন্দ্ৰ বৃদ্ধি কৰি কেন্দ্ৰসমূহত ভেকচিন বৃদ্ধি কৰিবলৈও দাবী উত্থাপন কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।