
খাদ্যৰ সংকটত ভুগি জনাঞ্চললৈ নামি আহে বুলি ধাৰণা কৰা হৈছে।
খাদ্যৰ সংকটত ভুগি জনাঞ্চললৈ নামি আহে বুলি ধাৰণা কৰা হৈছে।
মহানগৰীৰ ধাৰাপুৰস্থিত ৰমেশ কলিতা পথত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। বনাঞ্চলৰ পৰা জনাঞ্চলত খাদ্যৰ সন্ধানত নামি আহিছিল এই প্ৰকাণ্ড অজগৰডাল। অজগৰডালৰ ওজন প্ৰায় ৩৫ কেজি আৰু দীঘল প্ৰায় ১৫ ফুট হ'ব (huge python rescued in dharapur)।
ধাৰাপুৰৰ ৰমেশ কলিতা পথত খাদ্যৰ সন্ধান কৰি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে এই প্ৰকাণ্ড অজগৰডালক। অজগৰ চোৱাৰ বাবে ভিৰ কৰে জনতাই।
বনাঞ্চল ধ্বংসৰ ফলত এনেদৰে জীৱকুলে খাদ্যৰ সংকটত ভুগি জনাঞ্চললৈ নামি আহে বুলি ধাৰণা কৰা হৈছে। স্থানীয় ৰাইজে অজগৰডাল বন বিভাগৰ লোকক চমজাই দিয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|