• Home
  • »
  • News
  • »
  • assam
  • »
  • কাৰণটো সামান্য, কিন্তু হাতে হাতে লাঠী-বাটাম লৈ ওলাই আহি দুই পক্ষ নামিল সংঘৰ্ষত, হোজাইত গুৰুতৰভাৱে আহত ৪

কাৰণটো সামান্য, কিন্তু হাতে হাতে লাঠী-বাটাম লৈ ওলাই আহি দুই পক্ষ নামিল সংঘৰ্ষত, হোজাইত গুৰুতৰভাৱে আহত ৪

 পথৰ ওপৰত দুয়োকাষে ই-ৰিক্সা ,অট', মেজিক আদি থকাৰ ফলত পথচাৰী সাধাৰণ জনতাৰ অহা-যোৱাত অসুবিধা হয়।

পথৰ ওপৰত দুয়োকাষে ই-ৰিক্সা ,অট', মেজিক আদি থকাৰ ফলত পথচাৰী সাধাৰণ জনতাৰ অহা-যোৱাত অসুবিধা হয়।

পথৰ ওপৰত দুয়োকাষে ই-ৰিক্সা ,অট', মেজিক আদি থকাৰ ফলত পথচাৰী সাধাৰণ জনতাৰ অহা-যোৱাত অসুবিধা হয়।

  • Share this:

হোজাই জিলাৰ নীলবাগানত পুনৰ অবৈধ গাড়ী পাৰ্কিঙ (illegal car parking)ক লৈ  ভয়ংকৰ মাৰপিটৰ ঘটনা। উত্তেজিত লোকে হাতে হাতে লাঠী, বাটাম লৈ  এটা পক্ষই আনটো পক্ষক  খেদি খেদি ভয়ংকৰ ৰূপত আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ দুয়োটা পক্ষৰ কেইবাজন লোক গুৰুতৰভাৱে আহত (seriously injured) হয়।


 যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হয়  নীলবাগান (Nilbagan) বজাৰৰ মাজমজিয়াত। দুয়ো পক্ষৰ কেইবাজন লোক আহত হয়। ইয়াৰে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে। নীলবাগান আৰক্ষী আৰু মোৰাঝাৰ আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷


গুৰুতৰভাৱে আহতসকলক ততাতৈয়াকৈ মোৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে  চিকিৎসালয়ত। হাতে হাতে লাঠী, বাটাম লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ভয়ংকৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে নীলবাগানৰ সচেতন মহলে।


 লোকনিৰ্মাণ বিভাগৰ পথত থকা অবৈধ গাড়ী পাৰ্কিঙক  কেন্দ্ৰ কৰি মাৰপিটৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে৷  পথৰ ওপৰত দুয়োকাষে ই-ৰিক্সা ,অট', মেজিক আদি থকাৰ ফলত পথচাৰী সাধাৰণ জনতাৰ অহা-যোৱাত অসুবিধা হয়।


এজন লোকে  তেওঁৰ চাৰি চকীয়া বাহনেৰে পাৰ হোৱাৰ সময়ত গাড়ীখনৰ ক্ষতি হোৱাক লৈ মাৰপিটৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ দুয়োটা পক্ষই মোৰাঝাৰ আৰক্ষী থানাত পৃথকে  এজাহাৰ দাখিল কৰিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷


সামান্য কথাতেই হাতে হাতে লাঠী যোং,বাটাম লৈ মাৰপিট কৰি পৰিৱেশ অস্থিৰ কৰা ঘটনা হোজাই (Hojai) জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা দেখা গৈছে।


 Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: