বৰপুত্ৰ বিদ্যালয়ৰ অধ্যক্ষ, মাজু পুত্ৰ গাওঁবুঢ়া, কিন্তু জীৱনৰ বিয়লি বেলাত নৰক যন্ত্ৰণা এগৰাকী আইতাৰ

এগৰাকী নব্বৈ বছৰ বয়সীয়া বৃদ্ধাৰ কৰুণ জীৱন গাঁথা
এগৰাকী নব্বৈ বছৰ বয়সীয়া বৃদ্ধাৰ কৰুণ জীৱন গাঁথা
- News18 Assam
- Last Updated: February 9, 2020, 1:12 PM IST
এগৰাকী নব্বৈ বছৰ বয়সীয়া বৃদ্ধাৰ কৰুণ জীৱন গাঁথা। থাকিবলৈ নাই এখন ঘৰ। জৰাজীৰ্ণ গোহালি সদৃশ টিনপাতৰ চালিৰ তলত বসবাস কৰে আইতাগৰাকীয়ে। জীৱনৰ বিয়লি বেলাত নৰক যন্ত্ৰণা ভোগা আইতাগৰাকীৰ আছে তিনিজন পুত্ৰ। বৰপুত্ৰ বিদ্যালয়ৰ অধ্যক্ষ, মাজু পুত্ৰ গাওঁবুঢ়া আৰু কনিষ্ঠ পুত্ৰ ব্যৱসায়ী ৷
দক্ষিণ কামৰূপৰ কালাতলীৰ আইতা গৰাকীৰ নাম ৰূপভানু ৷ আইতাগৰাকীৰ বৰপুত্ৰ ৰফিকুল আলম কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ। পাষাণ হৃদয়ৰ ৰফিকুল আলমে বৃদ্ধাৱস্থাত মাতৃক ভৰণ-পোষণ কৰাতো দূৰৈৰে কথা 'মা' বুলি মাত এষাৰো নিদিয়ে ৷