বৃহস্পতিবাৰে নাৰেংগীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। লিংগ পৰিৱৰ্তন কৰিব নোৱাৰাৰ দুখত জীৱন শেষ কৰিলে এগৰাকী ২৫ বছৰীয়া যুৱকে। ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ নাৰেংগীত। জানিব পৰা মতে, যুৱকজনে ধনৰ অভাৱত কৰিব পৰা নাছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ। আৰু তাৰ দুখতেই শেষ কৰে নিজৰ জীৱন।
যোৰহাটৰ কমাৰবস্তিৰ যুৱকজন নাৰেংগীত ভাৰাতীয়া হিচাপে আছিল। নাম আশ্ৰাফুল হক।আশ্ৰাফুলে দীৰ্ঘদিনে নিজকে যুৱতী বুলি পৰিচয় দি আহিছিল। আনকি যুৱতীৰ দৰেই সাজ পোছাক পৰিধান কৰি এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল আশ্ৰাফুলে। নিজকে জাবিন বুলি পৰিচয় দিয়া আশ্ৰাফুলে এনেদৰেই নিজৰ যুৱতী হোৱাৰ কামনা পূৰণ কৰিব নোবাৰি বাচি ল'লে আত্মহত্যাৰ পথ।
উল্লেখ্য যে, অভিভাৱকৰ অনুমতি সাপেক্ষেই লিংগ পৰিৱৰ্তন কৰিব বিচাৰিছিল আশ্ৰাফুলে। কিন্তু অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হৈছিল প্ৰায় ৮০ লাখ টকাৰ। আৰু এই টকা যোগাৰ কৰিব নোৱাৰাৰ বাবেই এই পথ বাচি লয় ২৫ বছৰীয়া যুৱকজনে। ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 28, 2021, 22:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|