• Home
  • »
  • News
  • »
  • assam
  • »
  • Numaligarh : আবেদন-নিবেদনে কাম নিদিয়াত নুমলীগড়ত ৰাজপথ মেৰামতিত নামিল এদল মহিলা

Numaligarh : আবেদন-নিবেদনে কাম নিদিয়াত নুমলীগড়ত ৰাজপথ মেৰামতিত নামিল এদল মহিলা

ৰোগী নিবলৈ পথেৰে নোসোমায় এম্বুলেন্স, ঠেলা-সাঙীয়েই একমাত্ৰ ভৰসা অঞ্চলবাসীৰ।

ৰোগী নিবলৈ পথেৰে নোসোমায় এম্বুলেন্স, ঠেলা-সাঙীয়েই একমাত্ৰ ভৰসা অঞ্চলবাসীৰ।

ৰোগী নিবলৈ পথেৰে নোসোমায় এম্বুলেন্স, ঠেলা-সাঙীয়েই একমাত্ৰ ভৰসা অঞ্চলবাসীৰ।

  • Share this:
নুমলীগড়ত হাতে হাতে কোৰ, পাচি লৈ ৰাজপথত এদল মহিলা। পথ মেৰামতিৰ বাবেই ওলাই আহিল মহিলাসকল। পথৰ দুৰৱস্থাই দীৰ্ঘদিনে জলাকলা খুৱাইছে সৰ্বসাধাৰণক। নুমলীগড় সৰুপথাৰ সমষ্টিৰ  গড়কাপ্টানী পথ মূৰফুলনিৰ পৰা শ্যামৰায়পুৰ আৰু কাঠনি চাহ বাগিচা সংযোগী পথটোৱে দীৰ্ঘদিনে জলাকলা খুৱাই আহিছে  সৰ্বসাধাৰণ ৰাইজক।

যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। ৰোগী নিবলৈ পথেৰে নোসোমায় এম্বুলেন্স। ঠেলা, সাঙীয়েই একমাত্ৰ ভৰসা অঞ্চলবাসীৰ। উপায়হীন হৈ আজি   ৰাজপথলৈ ওলাই আহিল এইসকল মহিলা পথ মেৰামতিৰ বাবে।



হাতে হাতে কোৰ, পাচি লৈ  ঘৰৰ কাম এৰি পুৱাই ওলাই আহিল পথ মেৰামতিৰ বাবে।অঞ্চলটোৰ শতাধিক গাঁওৰ  ৰাইজৰ একমাত্ৰ যোগাযোগৰ পথটো এজাক বৰষুণত হৈ পৰে যাতায়াত অনুপযোগী। ফলত যাতায়াত কৰা লোকসকলে দুৰ্ভোগ ভুগিব লগা হয়। বহু সময়ত বিদ্যালয়লৈ আহিব নোৱৰা হয় ছাত্ৰ-ছাত্ৰীসকল।

বাৰম্বাৰ আবেদন-নিবেদন কৰিও আজি পৰ্যন্ত পথছোৱাৰ  নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল। গতিকে  অতি শীঘ্ৰে পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  সৰ্বসাধাৰণ ৰাইজৰ আহ্বান  স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনলৈ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি