"তই ভাঙিব লাগিব শিল, নোৱাৰো বুলিলে ন'হব যে ভাই, ঢিলতে পৰিব ঢিল" অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ এই বাণীৰেই যেন আগুৱাই গৈছে নগাঁৱৰ ডিফলুৰ এজাক অসমীয়া যুৱক-যুৱতী। চৰকাৰৰ সহায় নোলোৱাকৈ এদল অসমীয়া ডেকাই নগাঁও চহৰৰ সমীপৱৰ্তী ম'হখুলিত ১৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে সেই স্থানত কৃষি-কৰ্মৰে স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িছে।
উল্লেখযোগ্য যে, ডিফলু সমবায় সমিতিৰ ১৫০ বিঘা ভূমি আজিৰ পৰা ২০ বছৰ পূৰ্বে দখল কৰিছিল সন্দেহযুক্ত নাগৰিকে। বেদখল মুক্ত কৰিবলৈ যোৱা সমবায় সমিতি তথা ডিফলু গাঁৱৰ বহু লোক আক্ৰমণৰ বলি হৈছিল সন্দেহযুক্ত নাগৰিকৰ।
অৱশেষত ২০২১ চনত নগাঁৱৰ শৰীৰ-চৰ্চাবিদ তথা ডিফলু গাঁৱৰ গৌতম কলিতাৰ নেতৃত্বত বহু অসমীয়া যুৱকে নিজাববীয়া প্ৰচেষ্টাত বেদখল উচ্ছেদ কৰি সেই স্থানত আৰম্ভ কৰিলে ডিফলু কৃষি পামৰ। ডিফলু গাঁৱৰ যুৱকসকলক এই ক্ষেত্ৰত সহযোগ আগবঢ়ালে তেতিয়াৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু বৰ্তমান মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা পূৰ্বৰ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াই। বৰ্তমান ১৫০ বিঘা ভূমি বেদখলমুক্ত কৰি সেই স্থানত মীন পালনৰ লগতে গাহৰি ফাৰ্ম আৰু হাঁহ কুকুৰা পালনৰে স্বাৱলম্বী হৈছে ডিফলু গাঁৱৰ ৬০টা অসমীয়া পৰিয়াল।
পূৰ্বে মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ লাভ কৰা গৌতম কলিতাৰ নেতৃত্বত অসমীয়া যুৱকৰ এটা দলে এই কৃষি পাম আৰম্ভ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল। বেদখলকাৰীয়ে কৃষি পামৰ বহু গছ পুলি কাটি নষ্ট কৰিছিল। পিছে অসমীয়া ডেকাৰ সাহস আৰু ধৈৰ্য্যৰ ওচৰত হাৰ মানিলে ম'হখুলি ভেৰভেৰী অঞ্চলৰ বেদখলকাৰীয়ে। পূৰ্বে ডকাইতৰ ঘাটি হিচাপে পৰিচিত এই অঞ্চলত অসমীয়া ডেকাই গঢ়ি তোলা কৃষি পামে অঞ্চলটোৰ নিবনুৱাৰ প্ৰতি কঢ়িয়াই আনিছে আশাৰ বতৰা। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আইপিএছ বিষয়া আনন্দ মিশ্ৰ আৰু মানস শইকীয়াক ডিফলু কৃষিপামৰ যুৱকসকলৰ হৈ ধন্যবাদ জনাইছে শৰীৰচৰ্চাবিদ গৌতম কলিতাই।
Published by: Subham Goswami
FIRST PUBLISHED : December 29, 2022, 00:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।